NORTHEAST NOW (Assamese)
অসম

কলাইগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু, চাৰিগৰাকী আঘাতপ্ৰাপ্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2019 7:28 pm
Kalaigaon Accident

ওডালগুৰি জিলাৰ কলাইগাঁৱত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত চহৰ বানু নামৰ এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন চাৰি গৰাকী মহিলা শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে, টংলাৰ পৰা মঙলদৈ অভিমুখে শ্ৰমিক কঢ়িয়াই নি থকা এ এছ-২৫চিচি-৮৮৩৫ নম্বৰৰ টাটা ডি আই গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে।

দুৰ্ঘটনাটোৰ ফলতে গাড়ীখনত আহি থকা চহৰ বানু নামৰ মহিলাগৰাকীৰ মৃত্যু হয় আৰু আন আন মহিলা শ্ৰমিকসকল আহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে কলাইগাঁও আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী তথা স্থানীয় ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি কলাইগাঁও আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে গাড়ীখনৰ চালকজনে পলায়ন কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

স্থানীয় ৰাইজে কৰা অভিযোগ মতে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা কোনো ধৰণৰ আৰক্ষীৰ পহৰাৰ ব্যৱস্থা নথকাত ডাম্পাৰ, পিকআপ ভ্যান আদিসমূহৰ চালকে যান-বাহন আইন ভংগ কৰি অতিমাত্ৰা বেগত গাড়ী চলাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে।