NORTHEAST NOW (Assamese)
অসম

দেশৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ দুজন অসমীয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 1, 2019 9:43 am
00ad86c5-7e97-4b70-aae2-1d1fe328c14d

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ নামৰ ৰাষ্ট্ৰীয় বাতৰি কাকতখনে ২০১৯ বৰ্ষৰ বাবে প্ৰকাশ কৰি উলিওৱা ভাৰতবৰ্ষৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অসমৰ দুজন ব্যক্তিয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

১০০ জনীয়া প্ৰভাৱশালী ব্যক্তিৰ তালিকাখনত অসম সন্তান তথা দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰাজনৈতিক নেতা তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্থান দখল কৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ সমীক্ষা অনুসৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে দেশৰ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তি। প্ৰধান মন্ত্ৰী মোদীৰ পাছতে তালিকাৰ দ্বিতীয় স্থানত আছে বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।

এই তালিকাৰ তৃতীয় স্থানত আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। যোৱা বছৰ গগৈৰ স্থান আছিল ৪৫। আনহাতে নেডাৰ আহ্বায়ক তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫৬নং স্থান দখল কৰিছে। যোৱা বৰ্ষত তেওঁৰ স্থান আছিল ২৭।

ইণ্ডিয়ান এক্সপ্ৰেছে জনোৱা অনুসৰি, বিগত ৫ বছৰত ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ কাৰ্যপন্থাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এই তালিকাখন প্ৰস্তুত কৰা হৈছে।