NORTHEAST NOW (Assamese)
Popular Stories

পূজাৰ বতৰত এটা ভাল খবৰ – হ্ৰাস পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2019 11:51 am

যোৱা কিছুদিন ধৰি পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্যই সৰ্বসাধাৰণ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল যদিও দুৰ্গা পূজাৰ প্ৰাকক্ষণত হ্ৰাস পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। আগন্তুক সপ্তাহত পেট্ৰ’ল-ডিজেলৰ মূল্য আৰু হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

কালি মাজনিশাৰ পৰা গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ’লত ৫৪ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৪৭ পইচাকৈ হ্ৰাস পাইছে।

ইয়াৰ লগে লগে আজি পেট্ৰ’লৰ দাম হৈছে প্ৰতি লিটাৰত ৭৬.৬৮ টকা। আনহাতে ডিজেলৰ দাম হ্ৰাস পাই হৈছেগৈ প্ৰতি লিটাৰত ৭০.৪৮ টকা।

অৱশ্যে ইয়াৰ বিপৰীতে বৃদ্ধি পাইছে ৰন্ধন গেছৰ দাম। ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত ১৩.৫০ টকাকৈ দাম বৃদ্ধি পাইছে।  এতিয়া ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ দাম হৈছে ৬৪৮ টকা।

উল্লেখযোগ্য যে যোৱা ১৪ ছেপ্তম্বৰত চৌদি আৰৱৰ চৰকাৰী তেল কোম্পানি চৌদি আৰামক’ৰ তেলৰ ঘাটিৰ ওপৰত ড্ৰ’ন আক্ৰমণৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ২০% বাঢ়িছিল। পৰিস্থিতি ক্ৰমাত সাধাৰণ হৈ অহাত পেট্ৰ’ল-ডিজেলৰ মূল্য আৰু হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।