NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ বিৰুদ্ধে সৰৱ প্ৰতিবন্ধী; মুখত ক’লা কাপোৰ বান্ধি সাৱ্যস্ত কৰিলে প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 5, 2019 2:46 pm
WhatsApp Image 2019-10-05 at 12.18.51 PM

শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমীৰ দিনটোতে মুখত ক’লা কাপোৰ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে।

দিছপুৰ লাষ্ট গেটৰ পৰা গণেশ উদ্যানলৈকে প্ৰতিবাদী সমদল বাহিৰ কৰে সংগঠনটোৰ শতাধিক সদস্যই।

উল্লেখযোগ্য যে, ২০১৮ বৰ্ষৰ আজিৰ দিনটোতে ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈছিল বহুসংখ্যক দিব্যংগ লোক।

আৰক্ষীৰ শীৰ্ষ বিষয়া অমিতাভ বসুমতাৰীৰ নিৰ্দেশতে আৰক্ষীয়ে দিব্যাংগক প্ৰহাৰ কৰি মানবাধিকাৰ ভঙ্গ কৰাৰ গুৰুতৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে।

সেয়েহে আজিৰ দিনটোত মুখত ক’লা কাপোৰ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবন্ধীসকলে।

দিব্যাংগক প্ৰহাৰ কৰি মানবাধিকাৰ ভংগ কৰা আৰক্ষীৰ বিৰুদ্ধে চৰকাৰৰ গৃহ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম।

প্ৰতিবন্ধীৰ দাবী তেওঁলোকক প্ৰহাৰ কৰাৰ পাছৰে অসম আৰক্ষীৰ ভিতৰছোৱাত চুৰি ডকাইতিত আৰক্ষী জড়িত থকাৰ ঘটনা পোহৰলৈ আহিছে।

তেওঁলোকৰ অভিশাপৰ ফলতে অসম আৰক্ষীৰ বেয়া দিন অহা বুলিও মন্তব্য কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

“আমি এতিয়াও পিঠিৰ কোব পাহৰা নাই। যোৱা বৰ্ষৰ ৫ অক্টোবৰৰ দিনা আমাক প্ৰহাৰ কৰাৰ দিনৰে পৰা দুৰ্দিন আহিছে অসম আৰক্ষীৰ। আমাৰ অভিশাপ লাগিছে। সেয়েহে চুৰি ডকাইতি, মাৰপিটৰ ঘটনাৰ সৈতে জড়িত হৈ পৰিছে আৰক্ষী। দিচপুৰ আৰক্ষী থানাৰ আৰক্ষী নিপু কলিতা সোণ চুৰি অভিযোগত গ্ৰেপ্তাৰ হৈছে।”

ইপিনে, সপ্তমীৰ দিনটোত মা দূর্গাৰ শ্ৰী চৰণত প্ৰতিবাদী প্ৰতিবন্ধী সকলে চৰকাৰৰ সুমতি বিচাৰি পূজা অৰ্চনা কৰিব বুলিও মালাকাৰে সদৰী কৰে।