NORTHEAST NOW (Assamese)
অসম

দুৰ্ঘটনাত মৃত্যু ঘটা আঢ়ৈ বছৰীয়া শিশুৰ অংগদানেৰে জীৱন ৰক্ষা পৰিল ৭ টি শিশুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2020 1:57 pm
a Newb

এটি আঢ়ৈ বছৰীয়া কণ মানি শিশু।

পৃথিৱী খন ভালদৰে বুজি উঠাৰ পূৰ্বেই শিশুটিয়ে চিৰ দিনৰ বাবে চকু মুদিলে।

ছুৰাটৰ ভাতাৰ অঞ্চলত বাস কৰা যশ সঞ্জীৱ ওঝা নামৰ আঢ়ৈ বঠৰীয়া শিশুটিয়ে ৯ ডিচেম্বৰৰ দিনা ঘৰৰ বেলকনিত খেলি আছিল।

কিন্তু হঠাতে শিশুটি ঘৰৰ বেলকনিৰ পৰা তললৈ পৰি যায়।

লগে লগে শিশুটিক ছুৰাটৰ আম্ৰতা হস্পিতাললৈ নিয়া হয় ।

চিকিৎসকৰ অশেষ চেষ্টাৰ পিছতো ১৪ ডিচেম্বৰত যশৰ মৃত্যু ঘটে। শিশুটিৰ মৃত্যু ঘটাৰ পিছতে পিতৃ-মাতৃয়ে সিদ্ধান্ত ল’লে যে শিশুটিৰ অংগ দান কৰা হ’ব। সেই মৰ্মে শিশুটিৰ অংগ সংৰোপন কৰা দয় জীৱন-মৃত্যুৰে যুঁজি থকা আন ৭ টি শিশুৰ দেহত।

কেৱল ভাৰতৰে নহয়, ৰাছিয়া আৰু ইউক্ৰেইনৰ দুটি শিশুৰো প্ৰাণ ৰক্ষা পৰে যশৰ অংগৰে।

মাত্ৰ ১৬০ মিনিট সময়ৰ ভিতৰতে চিকিৎসালয় খনৰ পৰা ১ হাজাৰ ৬১৫ কিলোমিটাৰ দূৰত থকা চেন্নাইৰ এমজিএম হস্পিতাললৈ বিমানেৰে অনা হয় যশৰ অংগ।

যশৰ কিডনী সংৰোপন কৰা হয় সুৰেন্দ্ৰ নগৰৰ ১৩ আৰু ১৭ বছৰীয়া দুটি শিশুৰ শৰীৰত। যশৰ চকু সংৰক্ষণ কৰা হয় ছুৰাটৰ আই বেংকত।

যশৰ দুৰ্ভগীয়া পিতৃ-মাতৃৰ এটাই আশা তেওঁলোকৰ সন্তানৰ মৃত্যু ঘটিছে যদিও সাতজনে তেওঁলোকৰ সন্তানৰ বাবে নৱজীৱন লাভ কৰিছে। এয়াই তেওঁলোকৰ বাবে সান্ত্বনা।