NORTHEAST NOW (Assamese)
অসম

জখলাবন্ধাত আৰক্ষীৰ অভিযানত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ বাহন জব্দ; দুজনক আটক

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ December 9, 2021 6:01 pm
Cattle thief.png kaliabor

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে গৰুৰ চোৰাং বেহা। গো সুৰক্ষা আইনৰ পাছতো গৰুৰ অবৈধ সৰবৰাহ তথা চোৰাং বেহা ৰাজ্যখনত চলিয়েই আছে।

বৃহস্পতিবাৰে কলিয়াবৰৰ জখলাবন্ধাত আৰক্ষীৰ অভিযানত অবৈধভাৱে সৰবৰাহ কৰা গৰু সহ এখন বাহন জব্দ কৰা হয়।

অবৈধভাৱে কঢ়িয়াই অনা ৫টা গৰু সহ গো সৰবৰাহত জৰিত দুজনক আৰক্ষীয়ে লগতে আটক কৰিছে।

Also Read: Ranjan Gogoi: অসমত এন আৰ চিৰ কাম লেহেমীয়া কৰিবলৈ চাপ দিছিল কেন্দ্ৰই; আৰু কি বিস্ফোৰণ ৰঞ্জন গগৈৰ?

জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS 05 AC 1246।  বোকাখাতৰ পৰা জখলাবন্ধাৰ দিশে গৰুকেইটা কঢ়িয়াই আনিছিল পিক আপ ভানখনত।

জখলাবন্ধা আৰক্ষীয়ে বাহন খন জব্দ কৰাৰ লগতে অবৈধ ভাৱে গো সৰবৰাহত জৰিত টিগ বাহাদুৰ চেত্ৰী আৰু জয়নাল আবেদিন নামৰ দুজন লোকক আটক কৰে।