NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশৰ নোবেল বঁটাবিজয়ী অৰ্থনীতিবিদ মুহাম্মদ য়ুনুচৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2019 10:34 am

বাংলাদেশৰ নোবেল বঁটাবিজয়ী অৰ্থনীতিবিদ, গ্ৰামীন বেংকৰ প্ৰতিস্থাতা ড০ মুহাম্মদ য়ুনুচৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ঢাকাৰ এখন শ্ৰম আদালতে।

শ্ৰম আইন উলংঘনৰ এটা গোচৰত অভিযুক্ত য়ুনুচে আদালতৰ নিৰ্দেশৰ স্বত্ত্বেও তাত গৈ হাজিৰ নোহোৱাৰ বাবে তেওঁৰ নামত উক্ত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয়।

য়ুনুচৰ বিৰুদ্ধে তেওঁ অধ্যক্ষ হিচাপে থকা গ্ৰামীন কমিউনিকেচনৰ তিনি গৰাকী কৰ্মচাৰীয়ে তেওঁলোকক ট্ৰেড ইউনিয়ন গঠন কৰাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ অভিযোগ আনিছিল। গ্ৰামীন কমিউনিকেচন হৈছে গ্ৰামীন বেংকৰ IT উইং।

উক্ত অভিযোগৰ ভিত্তিত ঢাকাৰ শ্ৰম আদালতে নোবেল বঁটাপ্ৰাপ্ত মুহাম্মদ য়ুনুচৰ লগতে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক নাজনিন চুলতানা আৰু উপ মহাপ্ৰবন্ধক খান্দেকৰ আবু আবেদিনক শ্ৰম আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

আদালতে বুধবাৰ অৰ্থাৎ ৯ অক্টোবৰত তেওঁলোক ৩ গৰাকীক শুনানিত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল, কিন্তু বাকি দুজন হাজিৰ হয় যদিও য়ুনুচ শুনানিত উপস্থিত নহ’ল। যাৰ ফলত ঢাকা থাৰ্ড লেবাৰ ক’ৰ্টৰ অধ্যক্ষ ৰহিবুল ইছলামে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।

‘আদালতৰ নিৰ্দেশৰ ভিত্তিত প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক আৰু উপ মহাপ্ৰবন্ধক দুগৰাকী লেবাৰ ক’ৰ্টত হাজিৰ হয় যদিও মুহাম্মদ য়ুনুচ হাজিৰ নহ’ল, ইয়াৰ পিছতে শ্ৰম আদালতখনৰ অধ্যক্ষ গৰাকীয়ে য়ুনুচৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।‘ আদালতৰ এগৰাকী বিষয়াই কয়।

উল্লেখযোগ্য যে গ্ৰামীন কমিউনিকেচনৰ প্ৰাক্তন কৰ্মচাৰী ৩জনে ট্ৰেড ইউনিয়ন গঠন কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই তেওঁলোকক ভাবুকি প্ৰদান, বদলি কৰা আৰু অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ অভিযোগ তুলি ৩টাকৈ পৃথক গোচৰ তৰিছিল।

১৯৮৩ চনত মুহাম্মদ য়ুনুচে গ্ৰামীন বেংক প্ৰতিষ্ঠা কৰিছিল। উক্ত বেংকে গাঁৱৰ দুখীয়া বিশেষকৈ মহিলা উদ্যোগীসকলক ক্ষুদ্ৰ ঋণ প্ৰদানেৰে বিশ্বজুৰি বিশেষ খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ এই কামৰ বাবে য়ুনুচক ২০০৬ চনত নোবেল বঁটা প্ৰদান কৰা হৈছিল।