NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মৰত অৱস্থাত নিহত বনকৰ্মীলৈ বিশ্ব প্ৰকৃতি নিধিৰ আৰ্থিক অনুদান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 11, 2019 4:16 pm
IMG_20191011_110544

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত কৰ্মৰত অৱস্থাতে মৃত্যু বৰণ কৰা অতুল গগৈ নামৰ বনকৰ্মী জনৰ পৰিয়ালক আজি বিশ্ব প্ৰকৃতি নিধিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত ৩ লাখ টকাৰ এককালীন অনুদান প্ৰদান কৰে ৷

কাজিৰঙা বচাগাওঁৰ বাসিন্দা অতুল গগৈ অগৰাতলি ৰেঞ্জত ২০১৮ বৰ্ষৰ জুন মাহৰ ২৬ তাৰিখে কৰ্মৰত অৱস্থাত শাৰীৰিক অসুস্থতাত মৃত্যু বৰণ কৰিছিল।

কাজিৰঙাৰ ডি এফ অ’ৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে ৩ লাখ টকাৰ চেক অতুল গগৈৰ পৰিবাৰৰ হাতত প্ৰদান কৰে ৷

অনুষ্ঠানত সঞ্চালক গৰাকীৰ উপৰিও ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱজ্যোতি বৰা , গোলাঘাট জিলাৰ অবৈতনিক ৱাৰ্ডেন উত্তম শইকীয়া,ত্ৰিদিপ শৰ্মা, অগৰাতলি বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা আৰু বোকাখাতৰ বনাঞ্চলিক বিষয়া দিপাঙ্কৰ দেৱ উপস্থিত থাকে ৷

উল্লেখ্য যে বিশ্ব প্ৰকৃতি নিধিয়ে আই চি আই চি আই বেঙ্কৰ সহযোগত ভাৰতৰ বিভিন্ন বনাঞ্চলত কৰ্মৰত অৱস্থাত মৃত্যু বৰণ কৰা বনকৰ্মীৰ পৰিয়াললৈ এনে সাহায্য আগবঢ়াই আহিছে ৷

২০১৬ চনৰ পৰা আৰম্ভ কৰা এই আঁচনিৰে এতিয়ালৈকে মুঠ ১১ গৰাকী নিহত বন কৰ্মীৰ পৰিয়াললৈ এই এককালীন অনুদান আগবঢ়াইছে ৷ ইয়াৰে ৭ জনেই কাজিৰঙাৰ বনকৰ্মী বুলি সংগঠনটোৱে জানিবলৈ দিয়ে