NORTHEAST NOW (Assamese)
অসম

দুৰ্ঘটনাৰ পাছত উমৰাংচুস্থিত প্ৰকল্পত নীপক’ৰ কৰ্তৃপক্ষৰ পূজা অৰ্চনা; এতিয়াও সন্ধানহীন চাৰিগৰাকী কৰ্মচাৰী

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব October 12, 2019 4:33 pm
NIPKO authority

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ শেহতীয়া ঘটনাকলৈ বিপাঙত পৰা নীপক’ কৰ্তৃপক্ষই শুকুৰবাৰে উমৰাংচুস্থিত বান্ধৰ ওচৰত পূজা অৰ্চনা কৰে।

শুকুৰবাৰে পূজা অৰ্চনা কাৰ্য্যসূচীত উপস্থিত থাকে নীপক’ৰ সাধাৰণ সঞ্চালক দেবৰ্ষি ভট্টাচাৰ্য্য, কাৰ্য্যবাহী সঞ্চালক হেমন্ত কুমাৰ ডেকাৰ লগতে ভালেমান বিষয়া আৰু কৰ্মচাৰী।

উল্লেখযোগ্য যে, কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হোৱা দুৰ্ঘটনাৰ পাঁচ দিন উকলি যোৱাৰ পাছতো সন্ধানহীন হৈ থকা চাৰিগৰাকী বিষয়া-কৰ্মচাৰীৰ শুংসুত্ৰ লাভ কৰাত লাভ কৰাত ব্যৰ্থ হৈছে আৰক্ষী-প্ৰশাসন।

প্ৰতিষ্ঠানটোৰ বিভাগীয় কনিষ্ঠ অভিযন্তা জন টি ন্বামলাই, ৰাজু ৰেড্ডি, জয় সিং টিছু আৰু প্ৰেমলাল বাল্মিকী জীৱিত অৱস্থাত আছে নে মৃত সেই তথ্য এতিয়াও নীপক’ই ৰাজহুৱা কৰিব পৰা নায়।

জানিব পৰা মতে, দেওবাৰে নিশা আঠজনীয়া বিষয়া কৰ্মীৰ এটা গোট পাৱাৰ হাউচত কৰ্তব্যৰত আছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চাৰিগৰাকী লোকে পাৱাৰ হাউচৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও অইন চাৰিগৰাকী লোক পাৱাৰ হাউচৰ ভিতৰতে আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে নীপক’ কৰ্তৃপক্ষয়।