NORTHEAST NOW (Assamese)
অসম

মন্দাৱস্থাৰ মাজতে বিশ্ব বেংকে হ্ৰাস কৰিলে ভাৰতৰ বিকাশৰ লক্ষ্যৰ হাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2019 2:16 pm
narendra_modi_660_072319102232

মন্দাৱস্থাৰ মাজতে ভাৰতক বিশ্ব বেংকে দিলে আন এক আঘাত। বিশ্ব বেংকে এইবাৰ ভাৰত বিকাশৰ লক্ষ্যৰ হাৰ হ্ৰাস কৰিছে। বিশ্ব বেংকে ভাৰতৰ বিকাশৰ হাৰ হ্ৰাস কৰি ৬ শতাংশ কৰিছে।

প্ৰকৃততে, ২০১৮-১৯ বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.৯ শতাংশ আছিল। অৱশ্যে, ছাউথ এছিয়া ইক’নমিক ফ’কাছৰ শেহতীয়া সংস্কৰণত বিশ্ব বেংকে লগতে কৈছে যে ২০২১ত ভাৰতে বিকাশৰ হাৰ ৬.৯ শতাংশ পুনৰ উদ্ধাৰ কৰিব পাৰে।

বিশ্ব বেংকে কৈছে যে একেৰাহে দ্বিতীয়টো বৰ্ষৰ বাবে ভাৰতৰ আৰ্থিক বিকাশৰ হাৰৰ গতি হ্ৰাস পাইছে।

২০১৭-১৮ বৰ্ষত এয়া ৭.২ শতাংশ আছিল আৰু ২০১৮-১৯ বৰ্ষত সেয়া কমি ৬.৮ শতাংশ হৈছে। অৱশ্যে, মেনুফেকশ্যাৰিং আৰু কনষ্ট্ৰাকশ্যনৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ বাবে ঔদ্যোগিক আউটপুট বিকাশ বৃদ্ধি পাই ৬.৯ শতাংশ হৈছে আৰু কৃষি আৰু সেৱা খণ্ডত বিকাশ হৈছে ক্ৰমে ২.৯ শতাংশ আৰু ৭.৫ শতাংশ।

ইয়াৰ পূৰ্বে ক্ৰেডিট ৰেটিং এজেন্সি মুডীজে ভাৰতৰ জিডিপি বিকাশৰ লক্ষ্য আকৌ এবাৰ হ্ৰাস কৰিছে। মুডীজৰ অনুমান অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপিৰ বিকাশৰ হাৰ ৫.৮ শতাংশ হ’বগৈ পাৰে।

পূৰ্বতে মুডীজৰ জিডিপিৰ বিকাশৰ অনুমান আছিল ৬.২ শতাংশ। এই ক্ষেত্ৰত মুডীজে জিডিপিৰ বিকাশৰ অনুমান ০.৪ শতাংশ হ্ৰাস কৰিছে।

মুডীজৰ দৰে দেশৰ মুখ্য বেংক আৰ বি আইয়েও চলিত বিত্তীয় বৰ্ষৰ বাবে বিকাশ হাৰৰ লক্ষ্য হ্ৰাস কৰিছে। আৰ বি আইৰ মতে চলিত বিত্তীয় বৰ্ষত জিডিপিৰ বিকাশৰ হাৰ ৬.১ শতাংশ হ’ব পাৰে।

ইয়াৰ পূৰ্বে আৰ বি আইয়ে জিডিপিৰ বিকাশৰ অনুমান ৬.৯ শতাংশ নিৰ্দ্ধাৰণ কৰিছিল। কেইমাহমানৰ ভিতৰতে আৰ বি আইয়ে জিডিপিৰ বিকাশৰ অনুমান ০.৮ শতাংশ হ্ৰাস কৰিছে।