NORTHEAST NOW (Assamese)
Popular Stories

এন আৰ এলৰ ব্যক্তিগতকৰণ : নুমলীগড়ত মুণ্ডন কৰি যুৱকৰ প্ৰতিবাদ

Posted by: ঋতুপল্লৱ শইকীয়া Updated by: ঋতুপল্লৱ শইকীয়া October 14, 2019 11:14 pm

নুমলীগড় শোধনাগাৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেশ্বন লিমিটেড (বি পি চি এল) ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ হ’ব বুলি বাতৰি প্ৰকাশ হোৱাৰ পিছত নুমলীগড় শোধনাগাৰো ব্যক্তিগত খণ্ডলৈ যাব বুলি আংশকা কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে।

আজি ঐক্য সেনা অসমৰ গোলাঘাট জিলা সমিতিৰ ১০ গৰাকী সদস্যই এন আৰ এলৰ মুখ্য গেটৰ সন্মুখত মুণ্ডন কৰি ৩ ঘণ্টা ধৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

প্ৰতিবাদস্থলীত সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ মুখ্য সম্পাদক তৌফিক আহমেদে কয় যে এন আৰ এলক কোনোবা ব্যক্তিগত কোম্পানিৰ হাতত গতাই দিবলৈ লোৱা কেন্দ্ৰৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব।

আনহাতে সদৌ অসম ছাত্ৰ সন্থায়ো শোধনাগাৰটোৰ বিপণন টাৰ্মিনেলৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়নণ কৰে। আছুৰ গোলাঘাট জিলা সমিতিৰ বেনাৰত বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ষড়যন্ত্ৰমূলকভাৱে নুমলীগড় শোধনাগাৰক ব্যক্তিগতকৰণ কৰিব খোজা হৈছে বুলি অভিযোগ তুলি প্ৰতিবাদকাৰী সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

আছুৰ সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনে কয় যে ৮৫৫ গৰাকীকৈ যুৱক চহিদ হোৱা ৬ বছৰীয়া অসম আন্দোলনৰ ফলত স্বাক্ষৰিত অসম চুক্তিৰ দফা অনুযায়ী স্থাপন হোৱা এন আৰ এল কেৱল মাত্ৰ এটা শোধনাগাৰ নহয়, ইয়াৰ সৈতে অসমীয়া মানুহৰ আৱেগ জড়িত হৈ আছে।

‘আমাৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এন আৰ এলৰ নিৰ্বিনিয়োজন প্ৰক্ৰিয়াৰ বিষয়ে অৱগত নহয় বুলি কোৱাটো হাস্যকৰ আৰু একে সময়তে দুৰ্ভাগ্যজনক’ তেওঁ লগতে কয়।

আজিৰ এই প্ৰতিবাদৰ জৰিয়তে আছুই প্ৰধান মন্ত্ৰীক অসমীয়া মানুহৰ আৱেগৰ প্ৰতি শ্ৰদ্ধা জনাই এন আৰ এলক ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ পৰা বিৰত থাকিবলৈ দাবী জনায়।

নুমলীগড় শোধনাগাৰক এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে বৰ্তাই ৰখাৰ দাবীত আছু আৰু ঐক্য সেনা অসমে গোলাঘাটৰ উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।