NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা এছ অ’ পি নামানে কেন্দ্ৰীয় চৰকাৰৰ এখন প্ৰশিক্ষণ প্ৰতিষ্ঠানে!

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম July 9, 2021 10:16 am
SOP violation by institute

ৰাজ্যৰ জটিল পৰিস্থিতিৰ বাবে যি সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰা হৈছে, সেই সময়তে কেন্দ্ৰীয় চৰকাৰৰ এখন প্ৰশিক্ষণ প্ৰতিষ্ঠানে সম্পূৰ্ণ ক’ভিড বিধি উলংঘা কৰা দেখা গৈছে।

সভা-সমিতি কিম্বা বিবাহ আদি অনুষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকা টোটেল কন্টেইনমেন্ট জিলা বিশ্বনাথ জিলাত এতিয়া কৃষি কৰ্মৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰি ক’ভিড বিধি ভংগ কৰিছে বিশ্বনাথ চাৰিআলিৰ কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ সংস্থানে।

কেন্দ্ৰীয় চৰকাৰৰ ফাৰ্ম মেচিনেৰীৰ প্ৰতিষ্ঠানটোৱে ক’’ভিডৰ জটিল সময়ত কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ অধীনৰ “আজাদী কা অমৰুট মহোৎসৱ” কাৰ্যসূচীৰ অংশৰূপে মহিলা আৰু পুৰুষৰ এক প্ৰশিক্ষণ কাৰ্যসূচী চলাই আছে।

তাৰেই পৰিপ্ৰেক্ষিতত মহকুমাধিপতিৰ চাডেন ভিজিটত যোৱা সাংবাদিক দলৰ কেমেৰাত বন্দী হয় চকু কপালত উঠা দৃশ্য।

অতি আশ্বৰ্যজনকভাৱে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ চৰ্ত সাপেক্ষ অনুমতি লাভ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত ক’ভিড বিধি মুঠেই পালন কৰা হোৱা নাই। বিশ্বনাথ জিলাৰ সদৰ মহকুমাধিপতি বিশ্বজিৎ শইকীয়াই চাডেন ভিজিট কৰি কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ সংস্থাটোৰ ক’ভিড বিধি ভংগ স্বচক্ষে প্ৰত্যক্ষ কৰে।

সম্প্ৰতি সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’নত জনতাৰ সমাবেশ নিষিদ্ধ কৰি বজাৰ-হাট বন্ধ ৰখাৰ সময়ত এনেদৰে ক’ভিড বিধি ভংগ কৰা সংস্থানটোৰ সঞ্চালকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে।

ইফালে সংস্থানটোৰ প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা প্ৰশিক্ষকৰ মুখতো মাস্ক নাই। একেখন বেঞ্চতে একাধিক প্ৰশিক্ষাৰ্থী বহাৰ লগতে প্ৰায় ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে সামাজিক দূৰত্ব জলাঞ্জলি দি প্ৰশিক্ষণ গ্ৰহণ কৰা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

একাংশক সম্পূৰ্ণ কণ্টেইনমেন্টৰ নামত গৃহবন্দী কৰি একাংশক এনেদৰে নীতি জলাঞ্জলি দি চৰকাৰীভাৱেই প্ৰশিক্ষণ দিয়া কাৰ্য শীঘ্ৰে বন্ধ কৰাৰো দাবী উত্থাপিত হৈছে।

ক’ভিডৰ জটিল পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা বাতিল কৰাৰ পিছত এই সংস্থাটোত প্ৰশিক্ষণৰ নামত প্ৰশিক্ষাৰ্থী সকলৰ জীৱনক লৈ এই জটিল সময়ত হেতালি খেলা কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হৈ পৰিছে।