NORTHEAST NOW (Assamese)
অসম

বিশ্বকাপ কোৱালিফায়িং : আজি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2019 8:19 am
Indian Football

আজি ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ কোৱালিফায়িং ৰাউণ্ডৰ গ্ৰুপ ‘ই’ৰ এখন গুৰুত্বপূৰ্ণ মেচত ভাৰতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বাংলাদেশৰ বিৰুদ্ধে। কলকাতাৰ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত হ’ব এই বহু প্ৰতিক্ষিত মেচখন।

১০৩ নম্বৰ ফিফা ৰেংকিঙৰ অধিকাৰী ভাৰতৰ সন্মুখত ১৮৭ নম্বৰৰ বাংলাদেশ। বিশেষজ্ঞ সকলে ৰেংকিঙৰ দিশলৈ চাই ভাৰতকেই আজিৰ মেচখনৰ হট ফেভাৰিট হিচাপে আখ্যা দিছে।

চুবুৰীয়া ৰাষ্ট্ৰখনতকৈ ভাৰত শক্তিশালী যদিও প্ৰশিক্ষক ইগৰ ষ্টিমাকে প্ৰতিপক্ষক সহজভাৱে ল’ব বিচৰা নাই। সকলো খেলুৱৈয়ে যাতে গুৰুত্বসহকাৰে খেলি সম্পূৰ্ণ পইণ্ট অৰ্জনৰ চেষ্টা চলায় তাৰ প্ৰতিহে গুৰুত্ব দিছে প্ৰশিক্ষক গৰাকীয়ে।

ষ্টিমাকে কয় যে মেচত হট ফেভাৰিট বুলি কোনো কথা নাই, কিয়নো ইতিমধ্যে আমি এই কথা কাটাৰৰ বিৰুদ্ধে প্ৰমাণ কৰিছো।

সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব লগীয়া আজিৰ মেচখনত অধিনায়ক সুনীল চেত্ৰী আৰু উদান্ত সিঙৰ প্ৰদৰ্শন হ’ব গুৰুত্বপূৰ্ণ। সম্পূৰ্ণ পইণ্ট অৰ্জনৰ বাবে এই খেলুৱৈ দুজনে গ’ল কৰিবই লাগিব।

ইফালে আঘাতৰ বাবে আজিৰ মেচত অংশ ল’ব নোৱাৰে ডিফেণ্ডাৰ সন্দেশ জিংঘান। তেওঁৰ অনুপস্থিতিয়ে ভাৰতীয় দলক শলঠেকত পেলাব পাৰে বুলিও বিভিন্নজনে মন্তব্য কৰিছে।

উল্লেখ্য যে ভাৰতে ওমানৰ বিৰুদ্ধে ২-১ত পৰাস্ত আৰু কাটাৰৰ বিৰুদ্ধে গ’লশূন্য ড্ৰ খেলি এক পইণ্টেৰে গ্ৰুপ ‘ই’ৰ চতুৰ্থ স্থানত আছে।