NORTHEAST NOW (Assamese)
অসম

ইতিহাসত প্ৰথম! আশ্চৰ্যজনকভাৱে তিনিটা পুৰুষাংগ লৈ জন্ম হ’ল এটি শিশুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2021 11:05 am
baby born with 3 genitels

তিনিটা পুৰুষাংগ লৈ জন্মগ্ৰহণ কৰিছে এটি শিশু। জন্মৰ সময়ত শিশুটিৰ কোনো অস্বাভাৱিক লক্ষণ নাছিল।

ইৰাকৰ দুহোকত সংঘটিত এই ঘটনাত তিনিমাহ পাছত নৱজাতকটিৰ মূত্ৰথলী ফুলি আহিবলৈ আৰম্ভ কৰে।

পিতৃ-মাতৃয়ে শিশুটিক হাস্পাতললৈ লৈ যায়।  পৰীক্ষাৰ পাছত চিকিৎসকসকলে বুজিব পাৰে যে শিশুটিৰ আৰু দুটা পুৰুষাংগ দেখা দিছে।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে. ইয়াৰে এটা পুৰুষাংগ মূল পুৰুষাংগটোৰ গুৰিৰ পৰা বাঢ়ি অহা বিপৰীতে আনটো মূত্ৰথলীৰ তলৰ পৰা বাঢ়ি আহিছে।

পিচে, নতুন দুটা পুৰুষাংগ বাদ দিব লাগিব কিয়নো তাত কোনো মূত্ৰনলী জন্মা নাই।

চিকিৎসকসকল এই ঘটনাত অত্যন্ত আচৰিত হৈ পৰিছে যে মাতৃৰ গৰ্ভত থকাৰ সময়ত কোনো ক্ষতিকাৰক ড্ৰাগৰ প্ৰভাৱ শিশুটিৰ ওপৰত পৰা নাই। আনকি শিশুটিৰ পৰিয়ালটো কাৰো এনেকুৱা জিনগত সমস্যাৰ হিষ্ট্ৰী নাই।

চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় ‘ট্ৰাইফিলিয়া’। প্ৰায় ৬০ লাখৰ ভিতৰত এজনৰ এনেধৰণৰ ঘটনা ঘটে যদিও চিকিৎসকলে লগতে জানিবলৈ দিয়ে যে বৰ্তমানলৈ চিকিৎসা বিজ্ঞানত এনে কোনো ঘটনাৰ উল্লেখ নাই।

আনহাতে, ২০১৫চনত ভাৰতত অনুৰূপ ঘটনা ঘটিলেও সেয়া কোনো জাৰ্ণেলত প্ৰকাশ পোৱা নাই।