NORTHEAST NOW (Assamese)
অসম

অসম সাহিত্য সভাৰ নিৰ্বাচন; প্ৰাৰ্থীৰ তালিকা ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 16, 2019 3:12 pm

অসম সাহিত্য সভাৰ অহা ২০২০-২২ বৰ্ষৰ নিৰ্বাচনৰ আজি ঘোষণা কৰা হ’ল সভাপতি, উপ সভাপতি, প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থীৰ তালিকা। অসম সাহিত্য সভাৰ নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ বিজন মহাজনে এক সংবাদমেলযোগে এই তালিকা প্ৰকাশ কৰে।

গুৱাহাটীস্থ সাহিত্য সভাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত মহাজনে কয় যে যোৱা ১২ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে চালি জাৰি চোৱা হৈছে মনোনয়ন পত্ৰ সমূহ। ৭ গৰাকী প্ৰাৰ্থীয়ে সভাপতি পদৰ বাবে আবেদন কৰিছিল আৰু আটাই কেইগৰাকীৰে মনোনয়ন বৈধ বুলি ঘোষণা কৰে।

সভাপতি পদৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী, কুলধৰ শইকীয়া, প্ৰহ্লাদ চন্দ্ৰ তাছা, পখিলা কলিতা, সূৰ্য্যকান্ত হাজৰিকা, ড০ কৰৱী ডেকা হাজৰিকা আৰু ড০ জয়শ্ৰী গোস্বামী মহন্তই দাখিল কৰিছিল মনোনয়ন।

ইফালে উপ-সভাপতি পদতো মনোনয়ন দাখিল কৰা চাৰিওগৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ঘোষণা কৰিছে। এই পদটোৰ বাবে ৰতীমোহন নাথ, মৃণালিনী দেৱী, পদুমী গগৈ আৰু ড০ বসন্ত কুমাৰ শৰ্মাই মনোনয়ন দাখিল কৰিছিল।

আনহাতে প্ৰধান সম্পাদক পদৰ বাবে ৩ জন প্ৰাৰ্থীৰ আবেদন বৈধ বুলি ঘোষণা কৰে সংবাদমেলত। সেই কেইগৰাকী হ’ল যাদৱ চন্দ্ৰ শৰ্মা, হৰেন্দ্ৰ কলিতা আৰু দেৱজিত বৰা। এই পদৰ বাবে বৰ্তমানৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই মনোনয়ন দাখিল কৰিছিল যদিও পিছত প্ৰত্যাহাৰ কৰা বুলি জনায়।

উল্লেখ্য যে অহা ১ নবেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে হ’ব অহা ২০২০-২২ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। জিলা আৰু শাখা পৰ্যায়ত ডাকযোগে ভোটদান কৰিব পাৰিব।

১০ ডিচেম্বৰৰ বিয়লি ৪ বজাত নিৰ্বাচনী বিষয়াৰ উপস্থিতিত ভোট বাকচ বন্ধ কৰা হ’ব আৰু সেইদিনাই গুৱাহাটীৰ পানবজাৰ থানাত আৰক্ষীৰ নিৰাপত্তাত বাকচ সমূহ ৰখা হ’ব। ১৫ ডিচেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।