NORTHEAST NOW (Assamese)
অসম

ডবকাত সংঘটিত মৰেল পুলিচগিৰিৰ ঘটনাক লৈ উত্তপ্ত বকতা

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ October 18, 2019 6:50 am
20191018_001351

লক্ষীপূজাৰ নিশা নগাঁৱৰ ডবকাত সংঘটিত মৰেল পুলিচগিৰিৰ ঘটনাৰ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া শিৱসাগৰৰ বকতাত এক প্ৰতিবাদী জোৰ সমদল উলিওৱা হয়।

মৰেল পুলিচৰ ঘটনাত গুৰুতৰভাৱে আহত বকতাৰ যুৱক হৰেশ গগৈ আৰু কাকীৰ যুৱক দ্বীপজ্যোতি কলিতাৰ ন্যায়ৰ দাবীত বৃহস্পতিবাৰে সন্ধিয়া সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে বকতাৰ জয়া তিনিআলিত এক জোৰ সমদল উলিয়ায়।

এটা সৰু দুৰ্ঘটনাৰ বাবেই এই দুই যুৱকৰ ওপৰত ডবকা মডাৰ তিনিআলিত সংঘটিত হৈছিল মৰেল পুলিচিঙৰ ঘটনা।

একাংশ স্থানীয়ে ৰাইজে দুৰ্ঘটনাত পতিত দুই যুৱকক বাঁহ, লাঠি, জেউৰাৰে মৰিয়াই মৰিয়াই আধামৰা কৰিছিল।

যুৱকদ্বয়ৰ বন্ধুৱে উন্মত্ত জনতাৰ কবলৰ পৰা হৰেশ আৰু দ্বীপজ্যোতিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল।

বৰ্তমান দুই যুৱক গুৱাহাটীৰ ক্ৰিটিকেল কেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

লক্ষ্যণীয় যে,  ডবকা আৰক্ষীয়ে আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত এজনো ব্যক্তিক।

এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত।

সমগ্ৰ ম’ৰেল পুলিচ ঘটনাৰ লগত জড়িত দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ দাবী এটাই সমগ্ৰ ম’ৰেল পুলিচৰ ঘটনাৰ লগত জড়িত দোষীয়ে যাতে শাস্তি পায়।

জানিব পৰা মতে, বৰ্তমানেও বকতাৰ জয়া তিনিআলিৰ যুৱক হৰেশ গগৈৰ অৱস্থা সংকটজনক। বকতাৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক হৰেশ গগৈ এতিয়াও সুস্থ হৈ উঠা নাই।

নগাওঁ আৰক্ষী চকী মুৰ্দাবাদ, ধ্বনিৰে দোষীক অতি সোনকালে গ্ৰেপ্তাৰৰ দাবীত জোঁ‌ৰ সমদেলেৰে কঁপি উঠে বকতাৰ জয়া তিনি আলিৰ ৰাজপথ। জোঁৰ সমদলত বকতা জয়া তিনিআলিৰ সকলো পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।