NORTHEAST NOW (Assamese)
অসম

ধুবুৰীৰ জিলা উপায়ুক্তই উদ্বোধন কৰিলে টিলাপাৰা হাইস্কুলৰ নতুন ভৱনৰ দ্বাৰ

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ October 20, 2021 1:29 pm
ধুবুৰীৰ জিলা উপায়ুক্তই উদ্বোধন কৰিলে টিলাপাৰা হাইস্কুলৰ নতুন ভৱনৰ দ্বাৰ

পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰ থানা এলেকাধীন টিলাপাৰা নামে ঠাইত অৱস্থিত টিলাপাৰা হাই স্কুল প্ৰাংগনত নতুন কৈ নিৰ্মাণ কৰা এটি আটক ধুনীয়া ভৱনৰ দ্বাৰ শুভ উদ্বোধন কৰে ধুবুৰী জিলাৰ উপায়ুক্ত এন্বামুথু এম পিয়ে।

শিক্ষাৰ বিষয়ে উপায়ুক্তগৰাকীয়ে আগবঢ়োৱা চমু বক্তব্যৰ জৰিয়তে উপস্থিত শিক্ষক- শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীকে সভাত সমৱেত আন সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হয়।

২৭ নং পূব বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘীয়ে অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন কাম কাজ সম্পৰ্কে ব্যখ্যা কৰে।

প্ৰায় ৬৩ লক্ষাধিক টকাৰে টীলাপাৰা হাইস্কুলৰ সৰ্বাঙ্গীন উন্নতি আৰু শৈক্ষিক পৰিৱেশ অধিক মনোগ্ৰাহী কৰি তোলাৰ বাবে বিজ্ঞানাগাৰ , পুথিভঁৰাল আদিকে ধৰি মুঠ আঠটা কোঠালিযুক্ত উক্ত ভৱনটো নিৰ্মাণ কৰা হয়।

শিক্ষা অনুষ্ঠানখনৰ এই নিৰ্মাণ কাৰ্য্যই ছাত্ৰ ছাত্ৰী সকলক আৰু অধিক উপকৃত কৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। এই উদ্বোধনী অনুষ্ঠানত প্ৰায় সাত -আঠশ ছাত্ৰ ছাত্ৰী উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

সভাত ধুবুৰী জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাস , চাপৰৰ চক্ৰ বিষয়া শান্তনু গগৈ, বিশিষ্ট সমাজকৰ্মী তথা ভাজপাৰ নেতা ৰমেশ ৰায় , দেৱজিৎ চক্ৰৱৰ্তী , দেৱেশ ৰায় , টিলাপাৰা হাইস্কুল পৰিচালনা কমিটিৰ বিষয়ববীয়া , সদস্য , প্ৰধান শিক্ষক , সকলো শিক্ষক -শিক্ষয়িত্ৰী আৰু স্থানীয় বহু শিক্ষাপ্ৰেমী তথা একাংশ অভিভাৱক উপস্থিত থাকে।