NORTHEAST NOW (Assamese)
অসম

ব’লাৰে যেতিয়া হাতত বেট লৈ ছিক্সৰ বৰষুণ আনে; শচীনৰ অভিলেখ স্পৰ্শ বেগী ব’লাৰ উমেশ যাদৱৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 20, 2019 6:58 pm
Umesh Yadav

বেট ধৰিবলৈ আহিয়েই মুখামুখি হোৱা প্ৰথম দুটা বলত দুটা ছিক্স কোবাই ভাৰতীয় দলৰ বেগী ব’লাৰ উমেশ যাদৱে বিৰল অভিলেখ স্পৰ্শ কৰিলে।

তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচিত চলি থকা টে’ষ্ট মেচখনত আজি এই ঈৰ্ষণীয় কৃতিত্ব লাভ কৰে।

এই অভিলেখৰ গৰাকী হোৱা যাদৱ বিশ্বৰ তৃতীয়জন ক্ৰিকেটাৰ আৰু শচীন তেণ্ডুলকাৰৰ পিছতে ভাৰতৰ দ্বিতীয়জন।

তেণ্ডুলকাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০১৩ চনত প্ৰথম দুটা বলত ছয় কোবাইছিল। একেটা অভিলেখৰ গৰাকী আনজন আছিল ফফি উইলিয়ান্স।

উমেশে সন্মুখীন হোৱা ১০ বলত ৩১ ৰান সংগ্ৰহ কৰে, য’ত তেওঁ ৫টাকৈ ছয় কোবায়। ১০ নম্বৰ বলটোত ষষ্ঠটো ছয় কোবাবলৈ চেষ্টা কৰোতে তেওঁ কট আউট হয়।

যাদৱে আন এটা অভিলেখো গঢ়ে, যিটো হ’ল ১০ বলত এজন বেটছমেনে কৰা সৰ্বাধিক ৰান। তেওঁৰ পূৰ্বে কোনেও ১০টা বলত ইমান ৰান সংগ্ৰহ কৰিব পৰা নাছিল। যাদৱৰ ষ্ট্ৰাইক ৰে’ট ৩১০, যিটো নিম্নতম ১০টা বলৰ সন্মুখীন হোৱা বেটছমেনৰ সৰ্বাধিক।