NORTHEAST NOW (Assamese)
অসম

“বিদেশী” দুলাল পালৰ মৃতদেহ সন্দৰ্ভত আজিও সিদ্ধান্ত নহ’ল; মুখ্য মন্ত্ৰীৰ আহ্বানেও সেও মানব পৰা নাই পৰিয়ালক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 20, 2019 8:20 pm
Dulal Paul

ঘোষিত বিদেশী হিচাপে ডিটেনশ্যন কেম্পত বন্দিত্বৰ মাজতে চিকিৎসাধীন অৱস্থাত যোৱা ১৩ অক্টোবৰত মৃত্যু হোৱা দুলাল পালৰ মৃতদেহ ৭ দিনেও পৰিয়ালে চমজি লোৱা নাই আৰু পৰিয়ালৰ আঁকোৰগোঁজ স্থিতি চৰকাৰৰ বাবে এটা উদ্বেগৰ বিষয় হৈছে।

বৃক্কজনিত আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ জি এম চি এইচ্ছত মৃত্যু হোৱা পালৰ মৃতদেহ এতিয়াও চিকিৎসালয়খনৰ মৰ্গতে পৰি আছে।

পৰিয়ালে মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰি কৈছিল যে যদিহে তেওঁ বাংলাদেশী আছিল, চৰকাৰে মৃতদেহ বাংলাদেশলৈ প্ৰেৰণ কৰক।

দুলাল পালৰ ঘৰ আছিল শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ আলিচিঙা গাঁৱত আৰু ৬৫ বছৰীয়া পালক ২০১৭ চনৰ ১১ অক্টোবৰত আটক কৰি ডিটেনশ্যন কেম্পলৈ অনা হৈছিল। পৰিয়ালৰ মতে, তেওঁ মানসিকভাৱে সম্পূৰ্ণ সুস্থ নাছিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৯ অক্টোবৰত বাঙালী সংগঠন বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিনিধি আৰু পালৰ এজন আত্মীয়ৰ সৈতে এখন বৈঠকত বহিছিল আৰু মৃতদেহটো চমজি ল’বলৈ অনুৰোধ জনাইছিল।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত বাঙালী সংগঠনটোৰ সভাপতি দীপক দেই জানিবলৈ দিয়ে, দুলাল পালৰ ১৯৬৫-ৰ ভূমি ক্ৰয় কৰা নথি আছে আৰু সেইবোৰ দেখুওৱাত মুখ্য মন্ত্ৰীয়ে ইয়াত কিবা এটা ভুল হৈছে বুলি স্বীকাৰ কৰে।

তাৰোপৰি পালৰ পৰিয়ালক ন্যায় দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱস্থা ল’ব বুলি মুখ্য মন্ত্ৰীয়ে আশ্বাস দিছে বুলি জানিবলৈ দিয়ে।

আজি বিয়লি ভাগত আলিচিঙাৰ ৰাইজ আৰু সংগঠনটোৰ সদস্য পৰিয়ালৰ সৈতে আলোচনাত মিলিত হৈছে বুলি তেওঁ জানিবলৈ দি কয় যে দুলাল পালৰ পৰিয়ালক গোটেই কথাখিনি বুজাই দিয়া হৈছে।

“বৰ্তমানো আলোচনা চলি আছে। সন্ধিয়া ৭ বজাতহে পৰিয়ালৰ লোকে তেওঁলোকৰ সিদ্ধান্ত জনাব”, দীপক দেই কয়।

মুখ্য মন্ত্ৰীৰে হোৱা বৈঠকত ডিটেনশ্যন কেম্পত বন্দী হৈ থকা বাঙালী লোকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভতো আলোচনা হয় বুলি তেওঁ জনায়।

“ডিটেনশ্যন কেম্পৰ পৰা প্ৰকৃত ভাৰতীয়সকলক উলিয়াই আনিবৰ বাবে এখন পৰ্য্যালোচনা সমিতি দাবী কৰিছো, মুখ্য মন্ত্ৰীয়েও এই কথা মানি লৈছে। যিসকলৰ বৈধ নথি-পত্ৰ আছে সেইসকলক যাতে ন্যায় দিব পাৰি তাৰ বাবে চৰকাৰে আলোচনা কৰিছে আৰু আমাৰ এই দাবীত সন্মতি দিছে।”

“ইপিনে, যিসকল লোক ৩ বছৰি ধৰি ডিটেনশ্যন কেম্পত বন্দী হৈ আছে, সেইসকলক চৰ্তাধীনভাৱে মোকলাই দিবৰ বাবে উচ্চতম ন্যায়ালয়ে যিটো ৰায় দিছিল সেই ৰায় ৰূপায়ণৰ বাবে অসমত কামখিনি হৈ উঠা নাই। তেজপুৰ ডিটেনশ্যন কেম্পত ৭০গৰাকী তেনে লোক আছে যিসকলে ৩ বছৰ সম্পূৰ্ণ কৰিলে। মুখ্য মন্ত্ৰীক এই অভিযোগ দিয়াৰ পাছত তেওঁ সীমান্তৰ ডিজিক দায়িত্ব দিছে আৰু সংগঠনৰ সদস্যকো ইয়াত অন্তৰ্ভুক্ত কৰিছে।”

ডিটেনশ্যন কেম্পসমূহত বিশেষ স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰিবলৈ দাবী কৰা হৈছিল আৰু এই কথাও মুখ্য মন্ত্ৰীয়ে মানি লৈছে বুলি তেওঁ সদৰী কৰে।

“কালিৰ আলোচনাটো গুৰুত্বপূৰ্ণ আছিল আৰু সঠিকভাৱে হৈছে। চৰকাৰৰ যথেষ্ট সদ্দিচ্ছা দেখিছো। কিন্তু প্ৰতিশ্ৰুতিখিনি কাৰ্য্যকৰী হ’লেহে আমি চৰকাৰক ধন্যবাদ জনাম। কালি আলোচনাৰ পাছত আমি চৰকাৰক ধন্যবাদ জনোৱা নাই।” আলোচনাৰ ফলপ্ৰসূতা সন্দৰ্ভত দেই কয়।

তেওঁ আৰু কয়, “মুখ্য মন্ত্ৰী বাঙালী বিৰোধী বুলি আমাৰ যি অভিযোগ আছিল, আমাৰ এই দাবীসমূহ পূৰণ কৰিলেহে আমাৰ মানুহখিনিৰ মনৰ ক্ষোভ কিছু পৰিমাণে হ’লেও প্ৰশমিত হ’ব। তেতিয়াহে আমি আমাৰ অসমীয়াৰ মুখ্য মন্ত্ৰী বা ভাৰতীয়ৰ মুখ্য মন্ত্ৰী বুলি তেওঁক মানি ল’ব পাৰিম।”