NORTHEAST NOW (Assamese)
অসম

শিশুৰ অনুশাসন আৰু শাস্তি

Posted by: ডা: জ্ঞানেন্দ্ৰ শৰ্মা Updated by: ডা: জ্ঞানেন্দ্ৰ শৰ্মা February 5, 2023 11:27 am

উচ্ছৃঙ্খল শৈশৱ হৈছে এটা উচ্ছৃঙ্খল জীৱনৰ উৎস। সেইকাৰণে প্ৰত্যেক শিশুক শৃঙ্খলাবদ্ধতাৰ জ্ঞান দিয়াটো অতি প্ৰয়োজন। সৰুৰে পৰা শিশুৰ কিছুমান পৰম্পৰাৰ জ্ঞান অৱগত হ’ব লাগে। যেনে –

১) আনে ভাল পোৱাৰ ধৰণেৰে সকলোকে ব্যৱহাৰ কৰিব লাগে।

২) কি কাৰ্য কৰাটো নিৰাপদ আৰু কি কাৰ্য কৰাতো নিৰাপদ নহয় জানিব লাগে।

৩) কাৰ্য ক্ষেত্ৰত কিমান পৰ্যায়লৈ স্বাধীন ।

৪) জীৱনত যি বিচাৰে সকলো নেপায়।

৫) সদায় পিতৃ-মাতৃ আৰু গুৰুজনাৰ বাধ্য হ’ব লাগিব।

একেধৰণেৰে পিতৃ মাতৃয়ে কিছুমান কথা জানি মানিব লাগিব। যেনে-

১) শিশু ডাঙৰ হৈ অহাৰ লগে লগে স্বাধীনচিতীয়া হ’বলৈ উৎসাহ দিব লাগে আৰু নিজকে প্ৰকাশ কৰিবলৈ সুযোগ দিব লাগে।

২) ভুল কৰি, নিজে ভুলটো শুধৰাই লৈ শিকিবলৈ দিব লাগে। তেনে কৰিলে শিক্ষা গাঢ় হয়।

৩) কোনো বয়সতে পিতৃ-মাতৃয়ে আবৰি থাকিব নেলাগে ।

৪) পিতৃ-মাতৃ বা শিক্ষাগুৰু দৃঢ়, কিন্তু মৰমীয়াল আৰু সকলো কথাত যুক্তি সঙ্গত হ’ব লাগে।

এনে কৰিলে শিশুৱে এটা নিৰ্ভয় পৰিবেশত ডাঙৰ দীঘল হয়, যিটো শিশুৰ মানসিক বিকাশৰ কাৰণে প্ৰয়োজন।

 

উচ্ছৃংখল শিশু কাক কয়?

উচ্ছৃ্ংখল শিশু বৰ উৎপতীয়া হয়।

কাৰো কথা নুশুনে।

লাগ বুলি বস্তু চিঞৰ বাখৰ কৰি হ’লেও আদায় কৰে।

ফুৰিবলৈ গ’লে লোকৰ ঘৰত উৎপাত কৰে, বস্তু নষ্ট কৰে। বহিবলৈ থোৱা চকীত উঠি জপিয়ায় । ৰেলিঙ বা খিৰিকিৰ গ্ৰীলত বগায়। কোনোবাই মানা কৰিলেও ভ্ৰুক্ষেপ নকৰে।

সমনীয়া বা সৰু ল’ৰা ছোৱালীক নানা ধৰণৰ উৎপাত বা মাৰপিট কৰে।

এনে শিশু সঘনে দুৰ্ঘটনাত পতিত হয়। এনে শিশুৱে খোৱাত দিগদাৰী কৰে। ভালকৈ খোৱা বোৱা নকৰে। ফলত খিংখিঙিয়া স্বভাৱৰ হয়।

স্কুলত নাম লগাই দিয়াৰ পাছত আন শিশুৱে বন্ধুত্ব নকৰে। সকলোৱে ভয় কৰে আৰু বেয়া পায়।

শেষত এনেধৰণৰ শিশু প্ৰাক যৌৱন বা যৌবন কালত মানসিক ৰোগত আক্ৰান্ত হ’ব পাৰে।

শৃংখলাবদ্ধ শিশু কাক কয়?

নিম্ন উল্লেখিত গুণ থকা শিশুক প্ৰকৃত শৃঙ্খলাবদ্ধ শিশু বুলি কোৱা হয়।

যি শিশু সকলোৰে সৈতে সমানে মিলি চলিব পাৰে – পিতৃ-মাতৃ, বন্ধু , আলহী, আনকি অচিনাকী মানুহৰ লগতো।

শিশুটোৱে সঠিক সময়ত সঠিক কাম কৰিবলৈ জানে আৰু পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি ঘৰত কাম কৰা মানুহলৈকে সকলোৰে লগত উচিত ব্যৱহাৰ কৰিবলৈ শিকিছে।

অনুশাসন কিদৰে শিকাব লাগে?

শিশুক শৃঙ্খলাবদ্ধ হ’বলৈ শিকোৱাৰ কোনো নিৰ্দিষ্ট পদ্ধতি নাই। এই বিষয়ত মন কৰিবলগীয়া কেইটামান কথা হৈছে এনে ধৰণৰ:

১) শিশুক সকলো কথা মৰমেৰে শিকাব লাগে। শিশুৰ মনত ভাৱ হ’ব লাগিব যে যিখন ঘৰত আছে তাত সকলোৱে মৰম কৰে আৰু নিৰ্বিঘ্নে থাকিব পাৰে। মৰম অবিহনে কোনো শিশুক শৃঙ্খলাবদ্ধ কৰিব নোৱাৰি।

২) মৰমৰ মাজেৰে পিতৃ-মাতৃ দৃঢ় হ’ব লাগিব। আৰু এই দৃঢ়তা সদায় যুক্তিসঙ্গত হ’ব লাগিব। শিশুৰ প্ৰতি নিৰ্দেশ বা আচৰণ পৰস্পৰ বিৰোধী হ’ব নেলাগে। শিশুৰ কাৰণে যদি কিছুমান নিয়ম কৰা হয় সেই নিয়ম সদায় মানিব লাগে। যেনে:

শিশুটোক ৰাতিপুৱা শুই উঠি নিজৰ বিচনাখন পৰাটো নিয়ম কৰি দিয়া হৈছে। এদিন শুই উঠা দেৰি হ’ল আৰু স্কুললৈ যাবলৈ দেৰি হ’ব বুলি বিচনা পাৰিব নুখুজিলে। এই কথা মানি ল’ব নেলাগে আৰু দেৰি হ’লেও বিচনা নিজে পাৰিবলৈ দিব লাগে।

স্কুল দেৰি হ’লে কি পৰিস্থিতিৰ সন্মুখীন হ’ব লাগে নিজে উপলব্ধি কৰিবলৈ দিব লাগে। তেনে কৰিলে সাধাৰণতে একে পৰিস্থিতি আকৌ উদ্ভৱ নোহোৱাৰ বাবে চেষ্টা কৰে।

আকৌ ধৰক শিশুটিক এদিন বুজাই দিয়া হৈছে যে সি বহা কোঠাত খেলিব নেলাগে; বাৰাণ্ডাত খেলিব লাগে। কিন্তু আন এদিন খেলিবলৈ বাৰাণ্ডাৰ পৰা বহা কোঠালৈ পঠিয়াই দিয়া হৈছে কাৰণ ঘৰলৈ অহা আলহী বাৰাণ্ডাত বহিব।

এনেবোৰ কথাই শিশুক দোধোৰ মোধোৰত পেলায়। কোনটো নিয়ম মানিব ধৰিব নোৱাৰা হয়। আৰু লাহে লাহে নিয়ম নমনা হয়।

৩) কিছুমান নকৰিবলগীয়া কাম বা আচৰণৰ বিষয়ে শিশুক আগতীয়াকৈ অৱগত কৰিব লাগে। যেনে:

১) শিকাব লাগে যে ঘৰৰ বেৰত বা কাগজ পালেই তাত পেনচিলেৰে আকিব নেলাগে।

২) চকী বহিবৰ বাবে আৰু বিচনা শুবৰ বাবেহে। চকী বা বিচনাত উঠি জপিয়াব নেলাগে।

৩) আলহী ফুৰিবলৈ গ’লে ভদ্ৰ আচৰণ কৰিব লাগে। নিজৰ ঘৰত বা বাহিৰত সমনীয়াৰ লগত সদায় ভাল ব্যৱহাৰ কৰিব লাগে।

৪) নিজৰ ,সমনীয়াৰ বা ৰাজহুৱা সম্পত্তি ধ্বংস কৰিব নাপায়।

এনেধৰণেৰে বুজোৱাৰ পিছতো যদি শিশুৱে এনে আচৰণ কৰে, তেতিয়া যেইবাৰে কৰে সেইবাৰে দৃঢ় ভাবে জনাই দিব লাগে যে বেয়া কাম কৰিছে। এনে ধৰণৰ বেয়া আচৰণবোৰ শৈশৱৰ আৰম্ভণিতে গুচাব নোৱাৰিলে ডাঙৰলৈ আচৰণ জনিত সমস্যা হৈ পৰে।

সাধাৰণতে এনে কথাবোৰ শিশুক আগতীয়া কৈ বুজাই ক’লে ভাল ফল পোৱা দেখা যায়। তাকে নকৰি শিশুৱে নেজানি বেয়া আচৰণ কৰিলেহে তাক খং কৰিলে বা ঘৰত তেনে বেয়া আচৰণ কৰিলে একো নকৈ পৰৰ ঘৰত পিতৃ-মাতৃয়ে লাজ পাই খং কৰি শুধৰাবলৈ লয় তেতিয়া কথা নমনা হয়।

একেবাৰে সৰুতে কিছুমান বেয়া আচৰণ কৰিলও শিশুক মৰম লাগে। প্ৰাপ্ত বয়স্কৰ আনন্দৰ কাৰণে এনে আচৰণ কৰিবলৈ উদগনি দিলে এই আচৰণ অভ্যাসত পৰিণত হ’লে ই ডাঙৰ হ’লে সমস্যা হৈ দেখা দিয়ে।

সেই কাৰণে পিতৃ-মাতৃয়ে ঠিক কৰি ল’ব লাগিব যে তেওঁলোকৰ শিশুক কেনে ধৰণৰ আচৰণ শিকোৱা হ’ব। আৰু সৰুৰে পৰা তেনে ধৰণে শিকাব লাগিব। উল্লেখযোগ্য যে ভাল আচৰণ শিশুৱে ঘৰতে শিকিব লাগিব আৰু কৰিব লাগিব।

এবছৰ বয়সলৈ শিশুৱে শৃঙ্খলাবদ্ধতাৰ জ্ঞান ল’বলৈ অপৰাগ। সম্পূৰ্ণ প্ৰস্তুত হয় তিনি বছৰ বয়স পুৰ হ’লে। গতিকে শৃঙ্খলাবদ্ধতাৰ শিক্ষা আৰম্ভ দেৰ দুই বছৰ মান বয়সৰ পৰা আৰম্ভ কৰিব পাৰি।

উল্লেখযোগ্য যে প্ৰত্যেক পৰিয়ালত কিছুমান ঘৰুৱা নিয়ম থাকিব লাগে। আৰু এই নিয়ম প্ৰাপ্তবয়স্ক আৰু শিশু সকলোৱে মানিব লাগে। সকলো নিয়মৰ যুক্তি সঙ্গত কাৰণ থাকিব লাগিব আৰু শিশুক কাৰণবোৰ বুজাই দিব লাগিব – কিয় এই নিয়ম মানিব লাগে।

একেবাৰে সৰুৰে পৰা শিশুক, বয়স অনুযায়ী খোৱা, শোৱা আৰু পঢ়া এই তিনিটা কথাত শৃঙ্খলাবদ্ধকৈ গঢ় দিব পাৰিলে সাধাৰণতে শিশু সুসৃঙ্খল প্ৰাপ্তবয়স্ক হিচাবে পৰিগণিত হয়। জন্মৰ পাচত শিশুৱে প্ৰথম কথা শিকে খাবলৈ। উল্লেখযোগ্য যে উপযুক্ত পৰিবেশত বয়সোপযোগী খাদ্য নিয়ম মতে খাবলৈ শিকালে শিশুৰ স্বাস্থ্য ভাল হয়, টোপনি ভাল হয় আৰু পাছলৈ পঢ়া শুনাৰ ক্ষেত্ৰত আৰু আন কাৰ্যত শৃঙ্খলাবদ্ধ হোৱা দেখা যায়।

শিশু আৰম্ভণিৰ পৰা শুদ্ধ অনুশাসনত ডাঙৰ হ’লে তেনে শিশুক শাস্তিৰ প্ৰয়োজন নহয়।