NORTHEAST NOW (Assamese)
অসম

বকোত ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিগৰাকী মহিলাৰ মৃত্যু; পাচলি বিক্ৰী কৰি উভতিছিল ঘৰলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2019 5:33 pm
boko road accident

কামৰূপ জিলাৰ বকোত দেওবাৰে নিশা সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত সুশীলা ৰাভা, পুতুলী ৰাভা, মিনতি ৰাভা আৰু ৰীনা ৰাভা নামৰ চাৰিগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়।

মৃত্যু হোৱা মহিলা চাৰিগৰাকীৰ ভিতৰত এগৰাকী মহিলাৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী মহিলাই থিতাতে প্ৰাণ হেৰুৱায়।

জানিব পৰা মতে, দেওবাৰে নিশা কামৰূপ জিলাৰ বকোত এ এছ-২৫-ইচি-১৩০০ নম্বৰৰ এখন যাত্ৰীবাহী টাটা এচিই বাহনক বিপৰীতে দিশৰ পৰা(গুৱাহাটী অভিমুখি) এছ এছ-০১ জে-৪৫৫৯ নম্বৰৰ এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দা মৰাৰ ফলতে শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা মহিলা কেইগৰাকী পাচলি ব্যৱসায়ী বুলি জানিব পৰা গৈছে আৰু আটাইকেইগৰাকী মহিলাৰে ঘৰ বকো অঞ্চলত।

আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত বকো আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰাৰ লগতে মৃত মহিলা তিনিগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত টাটা এচিই বাহনখনৰ চালকগৰাকীকো সংকতজনক অৱস্থাত চি এম চি এইচত ভৰ্তি কৰোৱা হয়।

স্থানীয় ৰাইজে অঞ্চটোত দীৰ্ঘদিনৰ পৰা তীব্ৰ বেগী ডাম্পাৰ সমূহৰ দৌৰাত্মৰ বাবে বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ কৰি শীঘ্ৰে এনে ডাম্পাৰ সমূহক নাকী লগোৱাৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনায়।