NORTHEAST NOW (Assamese)
অসম

ডেৰ বছৰত ৩ লাখ লোকক কৰ্মসংস্থাপন দিব Swiggyয়ে; দেশৰ তৃতীয় বৃহৎ কৰ্মসংস্থাপন প্ৰদানকাৰী হোৱাৰ পথত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2019 9:07 pm
swiggy boy

অনলাইন খাদ্য যোগান ধৰা প্ৰতিষ্ঠান Swiggyয়ে আহিবলগীয়া ১৮ মাহৰ ভিতৰত ৩ লাখ লোকক নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

প্ৰতিষ্ঠানটোৰ পৰিকল্পনা কাৰ্য্যকৰী হ’লে তেওঁলোকৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ৫ লাখৰো অধিক হ’ব বুলি জানিব পৰা গৈছে।

Swiggyয়ে দাবী কৰা মতে তেওঁলোক ভাৰতীয় ৰে’লৱে আৰু ভাৰতীয় সেনাৰ পাছত সৰ্বাধিক নিয়োগকাৰী প্ৰতিষ্ঠানত পৰিগণিত হ’ব।

‘‘বৰ্তমানৰ দৰে আমাৰ প্ৰতিষ্ঠানৰ বৃদ্ধি হৈ থাকিলে আহিবলগীয়া কিছু বছৰৰ ভিতৰতে আমি ভাৰতীয় ৰে’লৱে আৰু সেনাৰ পাছত তৃতীয় নিয়োগকাৰী সংস্থাত পৰিণত হম,’’ এখন বৈঠকত Swiggyৰ সহ প্ৰতিষ্ঠাপক তথা চিইঅ’ শ্ৰীহৰ্ষ মজেটীয়ে এনেদৰে কয়।

২০১৮ চনলৈ ভাৰতীয় সেনাবাহিনীয়ে ১২.৫ লাখ লোকক নিয়োগ কৰাৰ বিপৰীতে ভাৰতীয় ৰে’লৱে ১২ লাখ লোকক নিয়োগ প্ৰদান কৰি আহিছে।

বৰ্তমানলৈ ৪.৫ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰি আইটি কোম্পানী টিচিএছে তৃতীয় স্থান অধিকাৰ কৰি আছে।

Swiggyয়ে যদি কৰ্মসংস্থাপন ৫ লাখলৈ বৃদ্ধি কৰিবলৈ সক্ষম হয় তেনেহ’লে তেওঁলোক নিয়োগ প্ৰদানকাৰী দেশৰ তৃতীয় সৰ্বাধিক প্ৰতিষ্ঠানত পৰিণত হ’ব।

উল্লেখযোগ্য যে, বাকী তিনিটা বিভাগ তথা প্ৰতিষ্ঠানত আৰু Swiggyত চাকৰি কৰাৰ মাজত পাৰ্থক্য আছে। বাকী বিভাগ কেইটাত কৰ্মচাৰী সকল নিয়মীয়া চাকৰিয়াল হোৱাৰ লগতে সকলোধৰণৰ সা-সুবিধা ভোগ কৰে।

আনহাতে, Swiggyয়ে ফোন ক’ল আৰু ডেলিভাৰীৰ বাবে সৰ্বাধিক লোক নিয়োগ কৰে য’ত কৰ্মচাৰী সকলক কামৰ অনুপাতে দৰমহা দিয়া হয়। Swiggyত বৰ্তমান ২.১ লাখ সক্ৰিয় ডেলিভাৰী ষ্টাফ থকাৰ লগতে ৮,০০০ স্থায়ী কৰ্পোৰেট কৰ্মচাৰী আছে।

Swiggyৰ প্ৰতিদ্বন্দ্বি কোম্পানী Zomatoৰ সৈতে ছেপ্টেম্বৰ মাহলৈ ২.৩ লাখ ডেলিভাৰী ষ্টাফ থকাৰ বিপৰীতে ফ্লিপকাৰ্টৰ সৈতে ১ লাখ ডেলিভাৰী ষ্টাফ জড়িত হৈ আছে।

মজেটীয়ে আহিবলগীয়া ১০-১৫ বছৰৰ ভিতৰত তেওঁলোকৰ সক্ৰিয় গ্ৰাহকৰ সংখ্যা ১০ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে যিসকল গ্ৰাহকে মাহত অতি কমেও ১৫ বাৰ তেওঁলোকৰ প্লেটফৰ্মলৈ আহিব।

মজেটীয়ে ভাৰতৰ ৫০০ চহৰত সেৱা আগবঢ়োৱা Swiggyত প্ৰতিবছৰে ৫০ কোটি খাদ্যৰ অৰ্ডাৰ আহে বুলি জানিবলৈ দিয়ে।