NORTHEAST NOW (Assamese)
অসম

চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনত ভোটদানৰ হাৰ ৭২.২৬ শতাংশ; জনীয়াত সৰ্বাধিক হাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2019 10:10 pm
Voters-in-que-750x375

আজি ৰাজ্যত অনুষ্ঠিত হোৱা চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰায় ৭২.৬২ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।

ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ প্ৰকাশ কৰাৰ লগতে চাৰিওটা সমষ্টিতে শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন হোৱা বুলি জানিবলৈ দিয়ে।

উপ নিৰ্বাচন অনুষ্ঠিত হোৱা বিধানসভা সমষ্টি কেইটা হৈছে ৰাতাবাৰী, ৰঙাপাৰা, সোণাৰী আৰু জনীয়া।

উল্লেখ্য যে সামগ্ৰিক ভোটদানৰ হাৰ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও নিৰ্বাচন আয়োগে প্ৰকাশ কৰে।

ইফালে চাৰিটা সমষ্টিৰ ভিতৰত সৰ্বাধিক ৭৮.২১ শতাংশ জনীয়াত, ৰঙাপাৰাত ৭৭.৫০ শতাংশ, ৭৪.৩৭ শতাংশ ৰাতাবাৰীত আৰু সোণাৰীত ৬৬.৪০ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে যোৱা লোকসভা নিৰ্বাচনত ৰঙাপাৰাৰ পৰা বিধায়ক পল্লৱলোচন দাস, সোণাৰীৰ পৰা তপন গগৈ, জনীয়াৰ পৰা আব্দুল খালেক আৰু ৰাতাবাৰীৰ পৰা কৃপানাথ মাল্লা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছৰে পৰা আসনকেইখন খালী হৈ আছিল।

অহা ২৪ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰে উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।