NORTHEAST NOW (Assamese)
অসম

আই এছ এল ২০১৯-২০; শক্তিশালী বেংগালুৰু এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি অভিযান আৰম্ভ নৰ্থ-ইষ্ট য়ুনাইটেডৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2019 10:16 pm
North East United FC

হিৰো ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ফুটবল প্ৰতিযোগিতাৰ বিগত বৰ্ষৰ চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি ২০১৯-২০ বৰ্ষৰ অভিযান আৰম্ভ কৰে নৰ্থ-ইষ্ট য়ুনাইটেডে।

সোমবাৰে বেংগালুৰুৰ কান্তিৰাৱা ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিদ্বন্দ্বিতামূলক খেলখনত দুয়োটা দলে উন্নত খেল প্ৰদৰ্শন কৰে যদিও গ’ল কৰাত ব্যৰ্থ হয় আৰু নিৰ্ধাৰিত সময়ত খেলখন গলশূন্যভাৱে সমাপ্তি ঘটে।

ঘৰুৱা দৰ্শকৰ উপস্থিতিত নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিপক্ষে বেংগালুৰু এফ চিকে ফেভাৰিট হিচাপে ধৰা হৈছিল যদিও দৰ্শকৰ প্ৰত্যাশা পূৰণ কৰাত দলটো ব্যৰ্থ হয়। অধিনায়ক সুনীল ছেত্ৰীয়ো এটা সুবৰ্ণ সুযোগ অথলে নিয়ে।

আনহাতে, খেলৰ প্ৰথমাৰ্ধত দুয়োটা দলে গ’ল কৰাৰ সুযোগ লাভ কৰিছিল যদিও ইয়াক গ’ললৈ পৰিণত কৰাত ব্যৰ্থ হয়।

উল্লেখযোগ্য যে, বিগত বৰ্ষত ছেমিফাইনেলত বেংগালুৰু এফ চিৰ বিপক্ষে ছেমিফাইনেলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় মাগিছিল নৰ্থ-ইষ্ট য়ুনাইটেডে।

হিৰো আই এছ এলৰ ষষ্ঠ সংস্কৰণত নৰ্থ-ইষ্ট য়ুনাইটেডে নতুন প্ৰশিক্ষক ৰবাৰ্ট জাৰ্ণিৰ প্ৰশিক্ষণত সম্পূৰ্ণ পৃথক দল হিচাপে আত্মপ্ৰকাশ কৰিছে।

নৰ্থ-ইষ্টত য়ুনাইটেডত অছামোৱা জিয়ানৰ দৰে ঘাটক ষ্ট্ৰাইকাৰৰ উপস্থিতিয়ে প্ৰতিপক্ষৰ ওপৰত প্ৰতিযোগিতাখনৰ আগন্তুক খেলসমূহত নিশ্চিতভাৱে প্ৰত্যাহবান সৃষ্টি কৰিব।