NORTHEAST NOW (Assamese)
Popular Stories

ভাল খবৰ : অটল অমৃতৰ অধীনত লাভ কৰিব আৰু ৬টা ৰোগৰ চিকিৎসা সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2019 5:11 pm

অসম চৰকাৰে আৰম্ভ কৰা অটল অমৃত অভিযানে এতিয়াৰ পৰা নতুনকৈ আৰু ৬টা অধিক ৰোগক সামৰি ল’ব। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা সদৰী কৰিছে।

ইতিমধ্য কেন্সাৰ, হৃদৰোগ, যকৃতৰ ৰোগকে ধৰি ৬টা ৰোগত এই সুবিধা প্ৰদান কৰি অহা হৈছিল। ফলত এতিয়াৰ অটল অমৃতৰ হিতাধিকাৰীয়ে মূঠ ১২টা ৰোগৰ বাবে ‘কেচলেছ’ চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব পাৰিব।

উল্লেখযোগ্য যে অটল অমৃত অভিযানৰ অধীনত এজন ৰোগীক চৰকাৰৰ ফালৰ পৰা ২লাখ টকাৰ চিকিৎসা সাহায্য দিয়া হয়। বছৰি ৫ লাখ টকাতকৈ কম আয়ৰ প্ৰতিটো পৰিয়ালে এই সুবিধা লাভ কৰিব পাৰে।

আজি গুৱাহাটীৰ জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীজনে ‘যোৱা ২১ অক্টোবৰত কেবিনেটে অটল অমৃত অভিযানক বিস্তাৰিত কৰাৰ অনুমোদন দিয়ে’ বুলি কয়।

বিস্তাৰিত অটল অমৃত অভিযান আঁচনিৰ অধীনত ICUত ভৰ্তি যিকোনো ৰোগী, জাপানিজ এনকেফেলাইটিছ, এক্যুট এনকেফেলাইটিছ, যিকোনো দুৰ্ঘটনা, ১৪ বছৰ তলৰ শিশুৰ যিকোনো গুৰুতৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ সামৰি ল’ব বুলি শৰ্মাই জানিবলৈ দিয়ে।

অহা ১ নবেম্বৰৰ পৰা ইয়াক কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে ইয়াৰ অধিসুচনা জাৰি কৰিব বুলি তেওঁ কয়। শর্মাই লগতে জনাই  যে এইপৰ্যন্ত অটল অমৃতৰ অধীনত ৰাজ্যৰ ১.৭ কোটি লোকে পঞ্জীয়ন কৰিছে আৰু ইয়াৰে প্ৰায় ৬০,০০০ লোক ইয়াৰ দ্বাৰা লাভৱাম্বিত হৈছে।