NORTHEAST NOW (Assamese)
অসম

শিলচৰত ৰে’ল লাইনৰ দাঁতিত সদ্যোজাত শিশুৰ মৃতদেহ উদ্ধাৰ

Posted by: অনিৰুদ্ধ লস্কৰ Updated by: অনিৰুদ্ধ লস্কৰ October 23, 2019 6:13 pm

শিলচৰ ৰে’লৱে ষ্টেশ্যনৰ ৰে’ল লাইনৰ সমীপত বুধবাৰে এটি সদ্যোজাত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

উল্লেখযোগ্য যে যোৱা এটা সপ্তাহত নগৰখনত কেইবাটাও হত্যা আৰু ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।

আজি পুৱা প্ৰায় ৮.২০ বজাত স্থানীয় লোকৰ পৰা পোৱা খবৰৰ ভিত্তিত ৰে’লৱে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে।

শিলচৰ ৰে’লৱে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ডব্লিউ সিংহই নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘অপৰাধটো অন্য ঠাইত সংঘটিত কৰি পিছত ইয়াত মৃতদেহটো পেলাই থৈ যোৱা যেন অনুমান হয়।‘

‘জিলা প্ৰসাশন তথা তাৰাপুৰ আৰক্ষী চকীক ঘটনা সম্পৰ্কত অৱগত কৰা হৈছে আৰু শিশুটিৰ অভিভাৱকক বিচাৰি তদন্ত আৰম্ভ কৰা হৈছে’ তেওঁ লগতে কয়।