NORTHEAST NOW (Assamese)
অসম

‘তই মৰিলেহে অসমত শান্তি হ’ব’; মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে ফেইচবুকত বিতৰ্কিত পোষ্ট কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 24, 2019 4:14 pm
Surajit FIR

‘‘সৰ্বানন্দ নে……….নাগপুৰীয়া অবৈধ…..তই। তই এজন গোপুত্ৰ…..মুখ্য মন্ত্ৰী……অসমৰ কাৰনে তই অভিশাপ হাতত এটা পিস্তল পোৱা হলে তোক আজিয়ে গুলিয়াই মাৰিলোহেতেন,’’ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ফেইচবুকত এনেদৰে আপত্তিজনক পোষ্ট কৰি বিপদত পৰিছে সুৰজ্যিৎ হৰ্ষ নামৰ এজন যুৱক।

ফেইচবুক পোষ্টত গোৰেশ্বৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা বুলি উল্লেখ কৰা যুৱকজনৰ বিৰুদ্ধে বৃহস্পতিবাৰে দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে অধিবক্তা বেণুধৰ নাথে।

বেলতলাৰ বাসিন্দা অধিবক্তা বেণুধৰ নাথ প্ৰয়াত যাদৱ চন্দ্ৰ নাথৰ পুত্ৰ।

এজাহাৰত নাথে অসমৰ সন্মানীয় মুখ্য মন্ত্ৰী গৰাকীৰ বিপক্ষে প্ৰয়োগ কৰা শব্দ গ্ৰহণযোগ্য নহয় বুলি লিখাৰ লগতে এটা বিষেশ ধৰ্মীয় গোষ্ঠীৰ উপাসনা পদ্ধতিকো যুৱকজনৰ পোষ্টে আঘাত দিয়া বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, পূৰ্বেও অসমৰ কিছুসংখ্যক যুৱক-যুৱতীয়ে ফেইচবুকত প্ৰধান মন্ত্ৰী মোদী, ভাৰতীয় সেনা, ভাৰতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল।