NORTHEAST NOW (Assamese)
অসম

কোনো দলেই সুবিধা কৰিব নোৱাৰিলে : নৰ্থ-ইষ্ট য়ুনাইটেড আৰু গোৱাৰ খেল ড্ৰ

Posted by: এন ই নাও নিউজ February 4, 2018 10:26 pm
North_East

আই এছ এলৰ আজিৰ এখন গুৰুত্বপূৰ্ণ খেলত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু গোৱা এফ চিয়ে ২-২ত ড্ৰ খেলে। তালিকাৰ শেষৰ ফালে অৱস্থান লোৱা দুয়োটা দলৰ বাবেই আজি জয় গুৰুত্বপূৰ্ণ আছিল। গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা খেলখনত ঘৰুৱা দলটোৱে নৰ্থ-ইষ্ট য়ুনাইটেডৰ ওপৰত যথেষ্ট চাপ সৃষ্টি কৰিছিল যদিও ভ্ৰমণকাৰী দলটোৱে সেয়া প্ৰাণপণে প্ৰতিৰোধ কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত ৪২ মিনিটত প্ৰথমে গোৱাই অগ্ৰগতি লাভ কৰে। তেওঁলোকৰ হৈ গ’লটো দিছিল মান্দাৰ ৰাও দেশায়ে। কিন্তু সেই উল্লাস বেছি দেৰি থাকিবলৈ নাপাওঁতেই ৪৫ মিনিটত নৰ্থ-ইষ্টৰ মাৰ্চিঅ’ ডি ছুজাই সমতা স্থাপন কৰে।

একেদৰে দ্বিতীয় অৰ্ধতো গোৱাই পুনৰ অগ্ৰগতি লয়। খেলৰ ৫৩ মিনিটত এইবাৰ গ’ল দিয়ে ফেৰান ক’ৰ’মিনাছে।  তেওঁৰ গ’ল এইটোকে ধৰি প্ৰতিযোগিতাখনত ১৩ টালৈ বৃদ্ধি হয়।

তীব্ৰ চাপত পৰা নৰ্থ-ইষ্টে সৰ্ব শক্তিৰে যুঁজি দি গৈছিল আৰু শেষত ৭০ মিনিটত পুনৰ সমতা স্থাপন কৰে। এইবাৰ বৰ্জেছে দিয়া এটা সুযোগৰ সদ্ব্যৱহাৰ কৰে জনে। ইয়াৰ জৰিয়তে নৰ্থ-ইষ্টে সমতা স্থাপন কৰে।

উল্লেখযোগ্য যে আজি দুয়োটা দলৰে এইখন ১২ সংখ্যক খেল আছিল। দুয়োটা দলে তালিকাৰ ওপৰৰ ফালে যাবলৈ সংগ্ৰাম কৰি আছে।