NORTHEAST NOW (Assamese)
Popular Stories

হিমন্ত বিশ্বৰ জীৱনটোৱেই ছিণ্ডিকেট : কংগ্ৰেছৰ সংকল্প দিৱসত ৰিপুণ বৰা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 23, 2019 1:50 pm
Ripun Bora

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছে আজি ‘সংকল্প দিৱস’ উদযাপন কৰে। এই উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, উপ সভাপতি দ্বিজেন শৰ্মা, ববিতা শৰ্মা আৰু শৰৎ বৰকটকীকে ধৰি অন্যান্য জ্যেষ্ঠ নেতৃত্বই নেতাজীৰ ফটোৰ সন্মুখত মাল্যৰ্পন কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰিপুণ বৰাই ৩১ জানুৱাৰিৰ পৰা হ’ব লগীয়া ৰাজ্য সভাৰ অধিৱেশনত কংগ্ৰেছে বিলখনৰ তীব্ৰ বিৰোধিতা কৰিব বুলি উল্লেখ কৰি কয় যে যদি বিলখন ৰাজ্যসভাত গৃহীত হয়, তেন্তে কংগ্ৰেছে তীব্ৰ আন্দোলনৰ পথ ল’ব।

ইয়াৰোপৰি কংগ্ৰেছ দল হিন্দু বাঙালীৰ ঘোৰ বিৰোধী বুলি বিজেপিয়ে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ তুলি তেওঁ কয়, ‘কংগ্ৰেছ জাতিধ্বংসী বিলখন আৰু বিদেশীৰ বিৰোধী, অসমৰ হিন্দু বাঙালীৰ বিৰোধী নহয়।‘

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই ক’লা পতাকাৰ ছিণ্ডিকেট চলা বুলি কৰা মন্তব্যক কটাক্ষ কৰি বৰাই কয়, ‘হিমন্ত বিশ্ব শৰ্মা ছিণ্ডিকেটৰ মাজেৰেই ডাঙৰ দীঘল হোৱা মানুহ, তেওঁ খাওঁতে শুওঁতে ছিণ্ডিকেটৰ মাজতেই থাকে। তেওঁৰ জীৱনটোৱেই ছিণ্ডিকেট। কংগ্ৰেছত থাকোতেও ছিণ্ডিকেট, বিজেপিতো এতিয়া ছিণ্ডিকেট চলাই আছে। গতিকে ক’লা পতাকাৰ ছিণ্ডিকেট দেখাটো স্বাভাৱিক।‘

আজি সংকল্প দিৱসৰ লগত সংগতি ৰাখি নৱ নিযুক্ত মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসক সম্বৰ্দ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত বকো সমষ্টিৰ বিধায়িকা গৰাকীক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে জিলা আৰু ব্লক কংগ্ৰেছে সম্বৰ্ধনা জ্ঞাপন কৰে।