NORTHEAST NOW (Assamese)
অসম

ছিকিমৰ বিধানসভাৰ উপনিৰ্বাচনত বিজয়ী ছিকিমৰ মুখ্য মন্ত্ৰী প্ৰেম সিং তামাং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 25, 2019 5:18 pm
P Sing Tamang

ছিকিমৰ পোছলোক কামৰাং বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত বৃহস্পতিবাৰে বিজয়ী হয় ছিকিমৰ মুখ্য মন্ত্ৰী প্ৰেম সিং তামাং।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ভোট গণনাত ছিকিমৰ মুখ্য মন্ত্ৰী তথা ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্ঠাপক তামাঙে তেওঁৰ নিকট প্ৰতিদ্বনী ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ প্ৰাৰ্থী মোছেছ ৰায়ক ৮,৯৫৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয়।

মুখ্য মন্ত্ৰী তামাঙে মুঠ ১০,৮১১ টা ভোট লাভ কৰাৰ বিপৰীতে মোছেছ ৰায়ে লাভ কৰে ১,৮৫৮ টা ভোট।

তামাঙে মুঠ ভোটৰ ৮৪ শতাংশ ভোট লাভ কৰি উপনিৰ্বাচনত একপক্ষীয় বিজয় সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, প্ৰেম সিং তামাঙে মে’ মাহত অনুষ্ঠিত হোৱা ছিকিম বিধানসভা নিৰ্বাচনত ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ চমকপ্ৰদ উত্থানৰ পাছত ছিকিম বিধানসভাৰ সদস্য নোহোৱাকৈ ছিকিমৰ মুখ্য মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল।

আনহাতে, ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে ৰাজ্যখনৰ গেংটক আৰু মাৰ্তাম ৰুমতেক বিধানসভা সমষ্টিত বিজয়ী হয়।

মাৰ্তাম ৰুমতেকত বিজেপি প্ৰাৰ্থী টি এছ এইচ ভেনচুংপা আৰু গেংটকত চেৰিং লেপচাই বিজয়ীহৈ ৰাজ্যখনত বিজেপিৰ খোপনি আৰম্ভ কৰে।