NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত মধ্যাহ্ন ভোজন কৰ্মীৰ তীব্ৰ প্ৰতিবাদ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস October 31, 2019 12:30 pm
a390fee6-33fa-4abf-b258-73d0750abe6f

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰূপায়ণ হৈ থকা মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত সংস্থাক গতাই দিয়া কাৰ্যৰ প্ৰতিবাদত আজি ৰন্ধন কৰ্মী আৰু সহায়িকাসকলে বৰপেটাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰন্ধন কৰ্মী আৰু সহায়িকাসকলে বৰপেটাৰ কদমগুৰিস্থিত কেন্দ্ৰীয় ৰন্ধন শালৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনায়।

প্ৰতিবাদকাৰী সকলে, ‘মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব লোৱা এন জি অ’ৰ কাৰ্যালয় জ্বলাই দিয়ক’, ‘অসম চৰকাৰ হায় হায়’ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

বছৰ বছৰ ধৰি নিম্নতম পাৰিশ্ৰমিকত সেৱা আগবঢ়াই অহা ৰন্ধন কৰ্মী আৰু সহায়িকাসকলক চৰকাৰখনে ষড়যন্ত্ৰমূলক ভাবে কামৰ পৰা বিতাৰণ কৰিব বিচৰা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী ৰন্ধন কৰ্মী আৰু সহায়িকাসকলে।