NORTHEAST NOW (Assamese)
অসম

অসম গোৰ্খা খাচ মহাসভাৰ প্ৰথম বাৰ্ষিক অধিবেশণ অনুষ্ঠিত

Posted by: ছাজিদ খান February 5, 2018 4:27 pm
Annual conference of Asom Gorkha Khas Mahasabha

অসম গোৰ্খা খাচ মহাসভাৰ প্ৰথমখন বাৰ্ষিক অধিবেশণ অলপতে গোলমাগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

অসম গোৰ্খা মহাসভাৰ সভাপতি ড০ হৰ্ষ বাহাদুৰ চেত্ৰীয়ে পতাকা উত্তোলনেৰে অনুষ্ঠানটোৰ আৰম্ভণি কৰা পিছতে সাধাৰণ সম্পাদক দিপক নিৰলাই স্মৃতি তৰ্পন কৰে।

ওদালগুৰিৰ উপায়ুক্ত দীলিপ কুমাৰ দাসে অনুষ্ঠানৰ সাংস্কৃতিক প্ৰদৰ্শনীৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত উপায়ুক্ত গৰাকীয়ে গোৰ্খা সম্প্ৰদায়ৰ অনুসূচীভুক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে থতা ক্ষেত্ৰ অধ্যয়ন চলি আছে বুলি সদৰি কৰে।

বিশিষ্ট শিক্ষাবিদ তথা সাহিত্য একাডেমি বঁটা প্ৰাপক টাৰাপতি উপাধ্যায়ায়ে অধিবেশণ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ‘খাচ দৰ্পন’ৰ উন্মোচন কৰে।

অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক বাসুদেৱ উপাধ্যায়ায়ে অধিবেশণৰ প্ৰতিনিধি সভাক উদ্বোধন কৰে।

তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা অসম গোৰ্খা সন্মিলনৰ সভাপতি আৰ পি শৰ্মাই সম্বোধন কৰা প্ৰতিনিধি সভাত গোৰ্খা সম্প্ৰদায়ক অনুসূচীভুক্তকৰণ কৰাৰ উপৰত আলোচনা কৰা হয়।