NORTHEAST NOW (Assamese)
অসম

বৰপেটাত সাংসদ আব্দুল খালেকৰ সভাপতিত্বত প্ৰথমখন ‘দিশা’ সভা

Posted by: আনিছুজ জামান Updated by: আনিছুজ জামান October 31, 2019 2:19 pm
IMG-20191031-WA0008

নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকৰ সভাপতিত্বত বৰপেটা জিলা উন্নয়ন নিৰীক্ষণ আৰু সমন্বয় সমিতি চমুকৈ ‘দিশা’ৰ প্ৰথমখন সভা যোৱা ২৯ অক্টোবৰৰ দিনা জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়।

পুৱাৰে পৰা আবেলি ৫ বজালৈ অনুষ্ঠিত হোৱা সভাখনত এম জি এনৰেগা, প্ৰধান মন্ত্ৰী আৱাস যোজনা, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা যোজনা, প্ৰধান মন্ত্ৰী কৃষি শিচাই যোজনা, দীন দয়াল গ্ৰাম্য জ্যোতি যোজনা প্ৰমূখ্যে জিলা খনত ৰূপায়ন হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

সভাত উপস্থিত জন প্ৰতিনিধি সকলে আঁচনি সমূহৰ অধিক ফলপ্ৰসূ আৰু দ্ৰুত ৰূপায়নৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।

জিলাখনৰ উন্নয়নত এইখন সভাই গুৰত্বপূৰ্ণ অৰিহনা আগবঢ়োৱাৰ লগতে সকলো বিভাগৰ মাজত সু-সমন্বয় সাধনতো সহায়ক হ’ব বুলি সাংসদ খালেকে আশা প্ৰকাশ কৰে।

উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই বিভাগীয় বিষয়া সকলক জনপ্ৰতিনিধি সকলৰ সু-পৰামৰ্শ সমূহ গুৰুত্ব সহকাৰে লৈ আচঁনি সমূহৰ দ্ৰুত ৰূপায়নৰ নিৰ্দেশ দিয়ে।

সভাত জিলা উপায়ুক্তৰ উপৰি, চেঙা সমষ্টিৰ বিধায়ক চুকুৰ আলী আহমেদ, ভৱানীপুৰ সমষ্টিৰ বিধায়ক আব্দুল কালাম আজাদ, বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰ, বৰপেটা সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ লগতে বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।