NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা, বাটামেৰে মৰিয়াই চকীদাৰক হত্যা

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 6, 2021 12:46 pm
গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা, বাটামেৰে মৰিয়াই চকীদাৰক হত্যা

বেলতলা হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা

মহানগৰীৰ মালিগাঁওৰ বিপুল কমপ্লেক্সত সংঘটিত হৈছে এই ঘটনা।

কোনো দুৰ্বৃত্তই কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰে চকীদাৰ তৰুণ ডেকাক।

চি চি টিভিত বন্দী হৈছে সমগ্ৰ দৃশ্যাৱলী।

একপ্ৰকাৰে ঠেলি হেঁচি এখন দোকানৰ ভিতৰলৈ হত্যাকাৰীয়ে ভৰাই দিছিল তৰুণ ডেকাক।

নিশা প্ৰায় ১১:৩০ বজাত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ।

ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী।

ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

মৃতদেহৰ কাষতে তেজেৰে লুতুৰি পুতুৰি হৈ থকা বাটাম উদ্ধাৰ।