NORTHEAST NOW (Assamese)
অসম

পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন অসমৰ ৰেজিতা দেউৰীৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 6, 2021 1:27 pm
পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন অসমৰ ৰেজিতা দেউৰীৰ

ক্ৰীড়াৰ ক্ষেত্ৰ খনত শেহতীয়াকৈ অসমৰ বহু কেইগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈ পদক অৰ্জন কৰি ৰাজ্যলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ পুনেত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ষষ্ঠ ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কিনাপথাৰ বৰচাপৰি নিবাসী প্ৰয়াত ৰাজু দেউৰী আৰু কোমলদৈ দেউৰীৰ কন্যা ৰেজিতা দেউৰীয়ে কেৰালাৰ গীতাক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য মহাৰাষ্ট্ৰৰ পুনেৰ পুলগাঁওস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু বয়জ মিলিটাৰী স্কুল আৰু জুনিয়ৰ কলেজত ২৫ৰ পৰা ২৯ অক্টোৱৰলৈ আয়োজিত এই প্ৰতিযোগিতাৰ উদ্যোক্তা আছিল অল ইণ্ডিয়া কুংফু ফেডাৰেছন,মহাৰাষ্ট্ৰ কুংফু স্পৰ্টছ এছোচিয়েচন আৰু চাওলিন ট্ৰেডিছনেল কুংফু ফেডাৰেছন অৱ ইণ্ডিয়া।

অসমলৈ সোণৰ পদক কঢ়িয়াই অনা ৰেজিতাক বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনোৱাৰ লগতে খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।