NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাতংক : গোৱালপাৰা জিলা প্ৰশাসনে ছীল কৰিলে তিনিখন গাঁও

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা April 3, 2020 1:09 pm

সমগ্ৰ দেশৰ লগতে অসমতো শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰা ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই সকলোকে চিন্তিত আৰু আতংকিত কৰি তুলিছে।

দিল্লীৰ নিজামুদ্দিনস্থিত মাৰ্কাজৰ জামাতত অংশ লোৱা গোৱালপাৰা জিলাৰ তিনিজন লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পিছৰে পৰা অধিক তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন।

ক’ৰ’নাত আক্ৰান্ত লোক কেইজনৰ গাঁও বা চুবুৰী কেইটাৰ লগতে লোক কেইজনৰ সংস্পৰ্শলৈ অহা গাঁও কেইখন জিলা দণ্ডাধীশৰ নিৰ্দেশমৰ্মে আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া সম্পূৰ্ণৰূপে ছীল কৰি দিয়ে।

উল্লেখ্য যে মাটিয়াৰ নিকটৱৰ্তী বামুণপাৰা গাঁৱত এগৰাকী ১৮ বছৰীয়া যুৱক আক্ৰান্ত হোৱাৰ লগে লগে জিলা প্ৰশাসনে এই জাননী জাৰি কৰে।

ছীল কৰা গাঁও কেইখন ক্ৰমে- বাকাইটাৰী তৃতীয় খণ্ড ৰাজহ গাঁও, মুছকুৰি আৰু দহাপাৰা ৰাজহ গাঁও, কাৰিপাৰা প্ৰথম খণ্ড আৰু নন্দেশ্বৰ দেৱালয়।

জানিব পৰা মতে, এই কেইখন গাঁৱৰ যিসকল লোক জৰুৰী কামৰ বাবে বাহিৰলৈ যাব সেইসকল লোকক চেনিটাইজ কৰাৰ পিছতহে পুনৰ গাঁৱত প্ৰৱেশ কৰিব দিযা হ’ব বুলি জাননী যোগে জানিবলৈ দিছে।