NORTHEAST NOW (Assamese)
অসম

লকডাউন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ৰূপত কৃষ্ণাইৰ আৰক্ষী

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা April 16, 2020 1:33 pm

ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে ৩ মে’লৈকে সমগ্ৰ দেশতে লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছে। প্ৰধান মন্ত্ৰী মোদীয়ে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে ৰাজ্যসমূহক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে।

প্ৰধান মন্ত্ৰীৰ এই আহ্বানৰ পিছতে অসম আৰক্ষী সঞ্চালক প্ৰধানে বুধবাৰে এক সংবাদমেলযোগে অহা ২০ এপ্ৰিললৈকে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন অধিক কঠোৰ হ’ব বুলি ঘোষণা কৰিছিল।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ এই নিৰ্দেশৰ পিছতে এতিয়া অধিক কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা আৰক্ষীক।

জিলাখনৰ আন আন ঠাইৰ লগতে কৃষ্ণাইতো লকডাউন ভংগ কৰি বাহিৰলৈ ওলাই অহা একাংশক আৰক্ষীয়ে লাঠি চাৰ্জ কৰা দেখিবলৈ পোৱা গ’ল।

বিভিন্ন অজুহাত দেখুৱাই গাড়ী লৈ বাহিৰলৈ ওলাই অহা কৃষ্ণাইৰ বিভিন্ন প্ৰান্তত লোকসকলক আৰক্ষীয়ে এনেধৰণৰ শাস্তি প্ৰদান কৰা পৰিলক্ষিত হয়।