NORTHEAST NOW (Assamese)
Popular Stories

আধাৰকাৰ্ডত নিষিদ্ধ এই তিনিটা কাম; UIDAI ৰ নতুন নিয়ম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2019 5:53 pm
New-Aadhar-Card-

Unique Identification Authority of India চমুকৈ (UIDAI)য়ে এক নতুন নিয়ম কৰিছে আধাৰকাৰ্ডত নিজৰ নাম, লিংগ আৰু জন্মৰ তাৰিখ সলনি কৰাটো।

এই নতুন নিয়ম অনুসৰি আপুনি এতিয়াৰে পৰা আধাৰকাৰ্ডত নিজৰ নাম, লিংগ আৰু জন্মৰ তাৰিখ সলনি কৰিবলৈ মাত্ৰ দুবাৰহে সুবিধা পাব। ইয়াৰ পিছত যি তথ্য থাকিব তাক কেতিয়াও সলনি কৰিব নোৱাৰিব।

পূৰ্বৰ নিয়ম অনুসৰি আধাৰকাৰ্ডত যিকোনো সময়তে নিজৰ নাম, লিংগ আৰু জন্মৰ তাৰিখ শুদ্ধৰাব পৰা হৈছিল কিন্তু বৰ্তমান UIDAI ৰ নতুন নিয়ম অনুসৰি ইয়াক শুদ্ধৰাবলৈ দুবাৰহে সুবিধা পাব।

গতিকে নিজৰ বাসস্থান সলনি কৰা সকলে নিজৰ আধাৰকাৰ্ড আপডেট কৰাটো প্ৰয়োজনীয়। ইয়াৰ বাবে স্থানীয় আধাৰকেন্দ্ৰলৈ গৈ নিজৰ আধাৰকাৰ্ড আপডেট কৰিব লাগিব।

UIDAI  জানিবলৈ দিয়া অনুসৰি আধাৰকাৰ্ডত বাকী আপডেট কৰিব লগীয়া থাকিলে আগৰ নিয়মৰ দৰেই কৰিব পাৰিব।