NORTHEAST NOW (Assamese)
মনোৰঞ্জন

‘ৰত্নাকৰ’ৰ ব্যৱসায়িক সফলতাৰ পাছত ইটালীত কি কৰিছে বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীয়ে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2019 5:07 pm
Barasha and Nishita

১১ অক্টোবৰত অসমৰ ছবিগৃহত মুক্তি লাভ কৰা যতীন বৰাৰ ‘ৰত্নাকৰ’ ছবিখনে বিপুল ব্যৱসায়িক সফলতা লাভ অৰ্জন কৰাৰ পাছত বিদেশ ভ্ৰমণৰ বাবে ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হৈছে ছবিখনত অভিনয় কৰা দুই মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামী।

অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীয়ে বুধবাৰে ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হোৱাৰ পাছতে নিজৰ নিজৰ ইষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰে।

বৰষাৰাণী বিষয়াই শ্বেয়াৰ কৰা ফটোখনত নিশিতা গোস্বামীয়ে ডিঙিত নগা চল লৈ থকা দেখা গৈছে আৰু বৰষাই জিনছ পেণ্ট পৰিধান কৰিছে।

 

View this post on Instagram

 

#happiness #travel #fun #work Need your blessings !! Will give our best to make you all proud ! জয় আই অসম ? @nishitagoswami01 @tanvi_dance_official

A post shared by Barsha Rani Bishaya (@barsharani_bishaya_official) on

 

View this post on Instagram

 

Finally Italy…… landed in Rome

A post shared by Nishita Goswami (@nishitagoswami01) on

আনহাতে, নিশিতা গোস্বামীয়ে শ্বেয়াৰ কৰা ফটোখনত অভিনেত্ৰীগৰাকীয়ে ডাঠ কলা জেকেট পৰিধান কৰিছে।

বিদেশ ভ্ৰমণৰ কথা উল্লেখ কৰি ‘ফান, ট্ৰেভেল এণ্ড ৱৰ্ক,’বৰষাই ইষ্টাগ্ৰামত এনেদৰে লিখিছে।

উল্লেখযোগ্য যে, যতীন বৰা প্ৰযোজিত, পৰিচালিত আৰু অভিনীত ৰত্নাকৰে অসমৰ বিভিন্ন চলচ্চিত্ৰগৃহৰ পৰা ৬ কোটিৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

ছবিখনে মুক্তিৰ প্ৰথম ১০ দিনত ৪.৯৫ কোটি টকা উপাৰ্জনেৰে অসমৰ ছবিজগতৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছিল।