NORTHEAST NOW (Assamese)
Popular Stories

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2025 10:46 am

কনচাৰ্ট অৰ্থনীতিত মেঘালয়ৰ বিনিয়োগে অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কণ্ঠশিল্পীৰ কনচাৰ্ট অনুষ্ঠিত কৰাৰ জৰিয়তে পৰ্যটকক আকৰ্ষণ কৰাৰ নীতি অসম চৰকাৰেও গ্ৰহণ কৰিছে।

বুধবাৰে (১৭ ছেপ্টেম্বৰ, ২০২৫) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে আমেৰিকাৰ ৰেপাৰ তথা গায়ক-গীতিকাৰ পোষ্ট মেলনে অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব।

আমেৰিকান পপ তাৰকাগৰাকীৰ পৰা সময় লাভ কৰাটো অসমৰ নতুন কনচাৰ্ট টুৰিজিম পলিচিৰ বাবে ডাঙৰ জয় বুলি অভিহিত কৰিছে।

২০২২ চনত মুম্বাইত অনুষ্ঠান কৰাৰ পাছত এইটোৱেই হব পোষ্ট মেলনৰ দ্বিতীয়টো ভাৰত ভ্ৰমণ। মেলনৰ গুৱাহাটী সংগীতানুষ্ঠান খানাপাৰা পশু চিকিৎসা খেলপথাৰত অনুষ্ঠিত হব।

মুখ্যমন্ত্ৰীয়ে কয়,অসম এতিয়া বিশ্বমানৰ কনচাৰ্ট আৰু অনুষ্ঠান আয়োজন কৰিবলৈ সাজু হৈছে।গুৱাহাটীত পোষ্ট মেলনৰ অনুষ্ঠানে সাংস্কৃতিক বিনিয়োগ আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। আগন্তুক বছৰবোৰত গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়ৰ দৰে চহৰসমূহ গুৰুত্বপূৰ্ণ কনচাৰ্ট হাব হৈ পৰিব।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অধীনত মেঘালয়ে ২০২৪ চনত কনচাৰ্ট পৰ্যটন নীতি আৰম্ভ কৰিছিল যদিও বিৰোধীয়ে ইয়াক অযথা ব্যয় বুলি সমালোচনা কৰিছিল।

কিন্তু স্মৰ্তব্য যে ২০২৪ চনত মেঘালয়ে সামগ্ৰিকভাৱে ২৩.৫ কোটি টকা ব্যয় কৰি ১৩৩.৪২ কোটি টকা উপাৰ্জন কৰিছিল।