NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটা দৰিদ্ৰ পৰিয়ালৰ যুৱতী প্ৰিয়া দেৱনাথলৈ ‘মিছ ইণ্ডিয়া’ৰ খিতাপ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 31, 2019 8:24 pm

বোকাত পদুম ফুল ফুলে এই আপতঃ বাক্যশাৰী প্ৰমাণ কৰিছে মাৰ্ঘেৰিটাৰ প্ৰিয়া দেৱনাথ নামৰ যুৱতীগৰাকীয়ে। এথলেকটিছ আৰু শৰীৰ চৰ্চাত জড়িত হৈ বিগত ৯ বছৰে লাভ কৰিছে জিলা তথা ৰাজ্যিক পৰ্যায়ত বিভিন্ন বঁ‌টা।

শেহতীয়াকৈ লাভ কৰিছে “মিছ অসম“ আৰু “মিছ  ইণ্ডিয়া“ খিতাপ। মাৰ্ঘেৰিটাৰ বানপীড়িত অঞ্চলত থকা এটি দৰিদ্ৰ পৰিয়ালৰ যুৱতী এই প্ৰিয়া।

কেইমাহমান পূৰ্বে বঙাইগাঁৱত অনুষ্ঠিত প্ৰতিযোগিতাত ‘মিছ অসম ফিটনেচ’ খিতাপ আৰু শেহতীয়াকৈ অসমক প্ৰতিনিধিত্ব কৰি কেৰেলাৰ কোচিত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ‘মিছ ইণ্ডিয়া ফিটনেচ’ৰ খিতাপ দখল কৰি ৰাজ্যখনৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটালৈও গৌৰৱ কঢ়িয়াই আনিছে।

স্থানীয় বিধায়ক সাংসদ বা অন্য কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা এই পৰ্যন্ত আৰ্থিক সহযোগিতা পোৱা নাই প্ৰিয়াই৷ দুই এজন শুভাকাংক্ষীৰ পৰা পোৱা আৰ্থিক সহযোগিতাৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুখ্যাতি অৰ্জন কৰা প্ৰিয়া নিৰ্বাচিত হৈছে এচিয়ান গেমছত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ বাবে।

কিন্তু আৰ্থিক অনাটনৰ বাবে এই যাত্ৰা সম্ভৱ ন’হব বুলি আশংকা কৰিছে প্ৰিয়াই৷ আনহাতে আজি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ভাঃ সম্পাদক তপদ দে আৰু কোষাধ্যক্ষ ফাইজুৰ ৰহমানৰ নেতৃত্ব যোৱা এটা দলে খেলুৱৈ গৰাকীৰ মাৰ্ঘেৰিটা বাঁহবাৰীস্থিত বাসগৃহ উপস্থিত হৈ একোখনকৈ ফুলাম গামোচাৰে সৰ্ম্বধনা জ্ঞাপন কৰাৰ লগতে প্ৰিয়া দেৱনাথৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷