NORTHEAST NOW (Assamese)
অসম

বিশ্বকাপৰ সময়ত অভিনেত্ৰী অনুষ্কাৰ সৈতে কি কৰিছিল ভাৰতীয় দলৰ নিৰ্বাচকে, মুখ খুলিলে এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2019 6:49 pm
Biruska

ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক কমিটিৰ সমালোচনাত মুখৰ হৈ পৰিছে প্ৰাক্তন উইকেটকীপাৰ বেটছমেন ফাৰুক ইঞ্জিনিয়াৰ।

ফাৰুক ইঞ্জিনিয়াৰে এম এছ কে প্ৰসাদ নেতৃত্বাধীন নিৰ্বাচক কমিটিক ভালেমান প্ৰশ্নৰে চোকা সমালোচনা কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সক্ষাৎকাৰত প্ৰাক্তন উইকেটকীপাৰ গৰাকীয়ে ভাৰতীয় দলৰ নিৰ্বাচক কমিটিক ‘মিকি মাউচ নিৰ্বাচক কমিটি’ আখ্যা দিয়ে।

বিশ্বকাপৰ সময়ত ভাৰতীয় দলৰ নিৰ্বাচক সকলে বিৰাট কোহলীৰ পত্নী তথা বলীউদৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাক চাহৰ কাপ যোগান ধৰি থকা বুলিও তেওঁ কটাক্ষ কৰে।

Biruska

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ এই মন্তব্যৰ পাছতে অনুষ্কা শৰ্মাই টুইটাৰ যোগে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি সদায় তেওঁৰ নাম ভাৰতীয় ক্ৰিকেটৰ বিতৰ্কৰ সৈতে সাঙুৰা হয় বুলি কয়।

কি কৈছিল ফাৰুক ইঞ্জিনিয়াৰে?

ফাৰুক ইঞ্জিনিয়াৰে কৈছিল ‘‘আমাৰ মিকি মাউচ নিৰ্বাচক কমিটি আছে। দল নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকৰ কথা কোনেও নুশুনে কিয়নো এইক্ষেত্ৰত বিৰাট কোহলীৰ কথাহে গ্ৰহণ কৰা হয়’’।

‘‘আমাৰ নিৰ্বাচক সকলৰ যোগ্যতা কি? সকলোৱে মিলি ১০-১২ খন টেষ্টো খেলা নায়,’’ ৮২ বছৰীয়া খেলুৱৈ গৰাকীয়ে পুনৰ কয়।

virushka-looked-

বিশ্বকাপৰ সময়ত ভাৰতীয় দলৰ নিৰ্বাচক সকলে অনুষ্কা শৰ্মাৰ ওচৰে পাজৰে থাকি অভিনেত্ৰীগৰাকীক চাহৰ কাপৰ যোগান ধৰি আছিল বুলিও প্ৰাক্তন খেলুৱৈগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰে।

উল্লেখযোগ্য যে, বিশ্বকাপত ভাৰত পৰাস্ত হোৱাৰ পাছতে মুখ্য দল নিৰ্বাচক এম এছ কে প্ৰসাদৰ যোগ্যতা সম্পৰ্কত ভাৰতত যথেষ্ট প্ৰশ্নৰ সৃষ্টি হৈছিল।