NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত SBI-ৰ “ঠাইতে আধাৰ পঞ্জীয়ন” অভিযান; খানাপাৰাৰ খেলপথাৰত বেংকটোৰ ১০টা বুথ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2020 5:14 pm
Adhar Card is enough for filling ITR

আধাৰ পঞ্জীয়নৰ ক্ষেত্ৰত পিছপৰি থকা অসম তথা উত্তৰ-পূবৰ লোকসকলক পঞ্জীয়ন কৰাত সহায় কৰাৰ বাবে ষ্টেইট বেংক অব ইণ্ডিয়াই এটা তিনিদিনীয়া কাৰ্য্যসূচী লৈছে।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ২৬ ফেব্ৰুৱাৰিৰ পৰা ২৮ ফেব্ৰুৱাৰিলৈ চলাব লগীয়া এই অভিযানত বেংকটোৱে যিমান পাৰি সিমান সংখ্যক লোকক থিতাতে আধাৰ পঞ্জীয়ন কৰোৱাৰ লক্ষ্য লৈছে।

অভিযানটোৰ বিষয়ে জানিবলৈ দি ২১ ফেব্ৰুৱাৰিত গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে এছ বি আইৰ উত্তৰ-পূব চক্ৰৰ মুখ্য মহা প্ৰবন্ধক সুনীল কুমাৰ টেণ্ডনে। অভিযানটো হ’ব বেংকটোৰ Financial Inclusion Outreach Initiative কাৰ্য্যসূচীৰ অধীনত।

টেণ্ডনে জনায় যে কাৰ্য্যসূচীটোৰ মাজৰ দিন ২৭ ফেব্ৰুৱাৰিত উপস্থিত থাকিব দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

সৰ্বাধিক লোকক যাতে পঞ্জীয়ন কৰাব পৰা যায় তাৰ বাবে খেলপথাৰখনত ১০টা বুথ খুলিব। তিনিওটা দিনতে এই বুথবোৰ পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা ৰখা হ’ব।

পঞ্জীয়ন কৰাৰ উপৰি এছ বি আইৰ গ্ৰাহকসকলে তেওঁলোকৰ একাউণ্টৰ সৈতে আধাৰ সংযোগো ইয়াত কৰিব পাৰিব, টেণ্ডনে জনায়।

“আমি সকলোকে প্ৰয়োজনীয় নথিপত্ৰ লৈ Financial Inclusion Outreach Initiative কাৰ্য্যসূচীলৈ আহিবলৈ অনুৰোধ জনাইছো, যাতে তেওঁলোকে আধাৰ পঞ্জীয়ন আৰু আন আন সুবিধাবোৰ গ্ৰহণ কৰিব পাৰে”, টেণ্ডনে জনায়।

তেওঁ লগতে কয় যে যিসকল এই কাৰ্য্যসূচীৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ সক্ষম নহয়, তেওঁলোকে পিছত শাখাবোৰত গৈও পঞ্জীয়ন কৰাব পাৰে।

উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূব দেশৰ বাকী অংশতকৈ আধাৰ পঞ্জীয়নৰ ক্ষেত্ৰত ভালেখিনি পিছপৰি আছে। আনহাতে আয়কৰ বিভাগে ইয়াৰ পান কাৰ্ড থকা সকলো নাগৰিককে যিমান পাৰি সিমান কম দিনৰ ভিতৰত পান কাৰ্ডক আধাৰৰ সৈতে সংযোগ কৰিবলৈ আহ্বান জনাই আহিছে।

আধাৰ (Aadhaar) হ’ল ১২টা অংকৰ এটা সংখ্যা, যিটো Unique Identification Authority of India (UDAI)-ই নিৰ্দিষ্ট কিছুমান নথি-পত্ৰৰ প্ৰমাণৰ ভিত্তিত প্ৰতিজন ভাৰতীয় নাগৰিকক প্ৰদান কৰে।