NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকীত উত্তৰ-পূবৰ কংগ্ৰেছী নেতা-কৰ্মীৰ সশ্ৰদ্ধ স্মৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2019 8:08 pm
Indira Gandhi

দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকীত বৃহস্পতিবাৰে উত্তৰ-পূবৰ কংগ্ৰেছ নেতাসকলে প্রাক্তন নেত্রীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰে।

কংগ্ৰেছ নেতাসকলে বিভিন্ন অনুষ্ঠান আৰু টুইটাৰত প্ৰাক্তন ৰাজনৈতিক নেত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইন্দিৰা গান্ধীলৈ জ্ঞাপন কৰা শ্ৰদ্ধাঞ্জলি বাৰ্তাত টুইটাৰত #IronLady আৰু #IndiasIndira ব্যৱহাৰ কৰা হয়।

সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ইন্দিৰা গান্ধীৰ উচ্চ প্ৰশংসা কৰি শ্ৰীমতী গান্ধীয়ে দেশৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰিছিল বুলি মত ব্যক্ত কৰে।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈকে ধৰি ৰাজ্যৰ কংগ্ৰেছ সাংসদ সকলেও ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকীত প্ৰিয় নেতৃ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

আনহাতে, নতুন দিল্লীত থকা ইন্দিৰা গান্ধীৰ স্মৃতি উদ্যানত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু ৰাহুল গান্ধীকে আদি কৰি শীৰ্ষ নেতৃ্ত্বই দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

উল্লেখযোগ্য যে, ১৯৮৪ চনৰ ৩১ অক্টোবৰত তেতিয়াৰ দেশৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক নিজৰ বাসগৃহত ব্যক্তিগত দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল।