NORTHEAST NOW (Assamese)
অসম

দশকজোৰা নাগা আলোচনাৰ “সফল” সমাপ্তি? কেন্দ্ৰ-এন এচ চি এন (আই এম) বৈঠকৰ অন্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2019 8:15 pm
Naga settlement nscn (im) with ravi

কেইবাদশকজোৰা নাগা আলোচনাৰ “সফল” সমাপ্তি ঘটাৰ বাতৰি আহিছে; আৰু সূত্ৰমতে, কেন্দ্ৰ আৰু এন এচ চি এন (আই এম)ৰ বৃহস্পতিবাৰৰ বৈঠকৰ “ধনাত্মক” সামৰণি পৰিছে।

নতুন দিল্লীৰ বৈঠকখনক লৈ কোনো আনুষ্ঠানিক বিবৃতি বাতৰি লিখালৈকে জাৰি হোৱা নাই যদিও, খবৰমতে, জটিলতাৰ সৃষ্টি কৰা “নাগা সুকীয়া পতাকা আৰু সংবিধান”ক লৈ দুয়ো পক্ষই এক সমাধানসূত্ৰ বাহিৰ কৰিছে।

খবৰমতে, জটিলতা সৃষ্টিকাৰী বিষয়কেইটা সন্দৰ্ভত “চুক্তি উত্তৰ” (post solution) ধৰণৰ এক পথ খোলা ৰখা হ’ব পাৰে।

লগতে পঢ়ক– নাগা চূড়ান্ত চুক্তি এতিয়াও হোৱা নাই: কেন্দ্ৰীয় গৃ্হ মন্ত্ৰ্যালয়ৰ স্পষ্টীকৰণ

নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই ইয়াক “ঐতিহাসিক মুহূৰ্ত” আৰু “সকলো নাগা আৰু সামগ্ৰিকভাৱে জাতিটোৰ বাবে বিৰাট আনন্দৰ উপলক্ষ” বুলি মন্তব্য কৰিছে।

“সুকীয়া পতাকা আৰু সংবিধান”ৰ বিষয়টোৱে আলোচনাৰত এন এচ চি এন (আই এম), এন এন পি জিৰ লগতে বিভিন্ন নাগা জাতীয় মঞ্চসমূহৰ মাজত একৰকম “বিভ্ৰান্তি”ৰ সৃষ্টি কৰি আহিছিল।

এন এন পি জি “সুকীয়া পতাকা আৰু সংবিধান”ৰ দাবীৰ পৰা আঁতৰি অহা বুলি চৰ্চা চলাৰ বিপৰীতে তেওঁলোকে এই “মূল বিষয়” দুটাক চুক্তিৰ পিছত সেয়া আলোচনাৰ বাবে ৰখা বুলি ইতিমধ্যে বিবৃতি জাৰি কৰিছে।

মূলতঃ ‘‘সুকীয়া পতাকা আৰু সংবিধান”ক লৈয়ে কেন্দ্ৰ আৰু আলোচনাকাৰী নাগা পক্ষ বিশেষকৈ এন এচ চি এন (আই এম)ই বিপৰীত স্থিতি প্ৰকাশ কৰি আহিছিল।

মধ্যস্থতাকাৰী ৰাজ্যপাল ৰৱিয়ে “পতাকা আৰু সংবিধান”ক “বিতৰ্কিত প্ৰতীকী বিষয়”ৰূপে উল্লেখ কৰি এন এছ চি এন (আই এম)এ “বিলম্বকাৰী মনোবৃত্তি” গ্ৰহণ কৰা বুলি শেহতীয়াকৈ মন্তব্য কৰিছিল।

কিন্তু, নাগা আলোচনাৰ পাতনি মেলা এন এচ চি এন (আই এম)এ “সুকীয়া পতাকা আৰু সংবিধান”-অনুপস্থিত সমাধানক অসন্মানজনক বুলি ঘোষণা কৰিছিল।

“মূল বিষয় নাগা পতাকা আৰু সংবিধান অবিহনে যিকোনো সমাধানেই হ’ব সন্মানৰ পৰা বহু দূৰ, কাৰণ তাতে নাগা গৌৰৱ আৰু পৰিচয় গভীৰভাৱে প্ৰোথিত হৈ আছে,” এন এছ চি এন (আই এম) অধ্যক্ষ কিউ তুকু আৰু সাধাৰণ সম্পাদক থুইগালেং মুইভাই এই বছৰৰ আগষ্টত প্ৰধান মন্ত্ৰী মোদীলৈ লিখা পত্ৰৰ উদ্ধৃতি।

নাগালেণ্ডৰ ৰাজ্যপালৰূপে দায়িত্ব লোৱাৰ পিছতে যোৱা আগষ্টত ৰৱিয়ে তিনিমাহৰ ভিতৰত চূড়ান্ত চুক্তি সম্পাদন কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ৰৱিয়ে লগতে কৈছিল যে প্ৰধান মন্ত্ৰী মোদীয়ে তিনি মাহৰ ভিতৰতে আলোচনাটোৰ সামৰণি মাৰিব খুজিছে।

সত্তৰ বছৰীয়া বিষয়টো সমাধানৰ বাবে এন এছ চি এন (আই এম)এ ১৯৯৭ চনৰ পৰা ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা চলাই আহিছে।

সাৰ্বভৌম নাগাভূমিৰ বাবে যুঁজা এন এছ চি এন (আই এম)এ ভাৰতীয় ফেদাৰে’চনৰ ভিতৰতে বিশেষ মৰ্য্যাদাৰে থকাৰ এক বন্দৱস্তিত ভাৰত চৰকাৰৰ সৈতে সন্মত হোৱাৰ পিছত এখন ফ্ৰে’মৱৰ্ক এগ্ৰীমেণ্ট স্বাক্ষৰিত হৈছিল।

২০১৭ চনৰ ১৭ নৱেম্বৰত এন এন পি জি আৰু কেন্দ্ৰ আলোচনাৰ পৰিসীমাক লৈ সহমতত উপনীত হৈছিল।