NORTHEAST NOW (Assamese)
অসম

এক ব্যতিক্ৰমী ছবি; হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে সামূহিক কৃষিকাৰ্য্য

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা November 1, 2019 10:36 am
VideoCapture_20191101

খাদ্য বিচৰাৰ নামত লোকালয়ত প্ৰৱেশ কৰি আতংক সৃষ্টি কৰা বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ নগাঁৱৰ ‘হাতী বন্ধু’ নামৰ এটা সংগঠনে লোৱা এক বিশেষ পদক্ষেপে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

হাতীৰ জাকক লোকালয়ত প্ৰৱেশত বাধা আৰু খাদ্য যোগান ধৰাৰ বাবদ সংগঠনটোৱে জিলাখনৰ চাপানালাৰ নিকটৱৰ্তী হাতীখলি-ৰংহাং গাঁৱৰ ২০০ বিঘা ভূমিত ধান খেতি কৰিছে। এই ধান খেতিৰ বাবেই হাতীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাইছে অঞ্চলবাসী।

উল্লেখ্য যে বিগত চাৰিদিন ধৰি হাতীৰ এটা জাকে উক্ত খেতি ডৰাত ধান খাবলৈ আহে আৰু খোৱা শেষ হোৱাৰ পাছত জাকটো পুনৰ কাৰ্বি পাহাৰলৈ উভটি যায় বুলি স্থানীয় লোকে জনায়।

নিশাৰ দৃশ্য। ফটো : নৰ্থ-ইষ্ট নাও

ইফালে বৃহস্পতিবাৰে নিশা হাতীৰ জাকটোৱে শস্য খোৱা দৃশ্য উপভোগ কৰি যথেষ্ট আনন্দিত প্ৰকাশ কৰে অঞ্চলবাসী।

উল্লেখ্য যে, কৃষকক সকাহ দিয়াৰ লক্ষ্যৰে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই এই পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ জনোৱা মতে কৃষক তথা অঞ্চলবাসীয়ে কমেও আগন্তুক ২০ দিনলৈ বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা সাময়িকভাৱে ৰক্ষা পাব।

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চলসমূহতো বনৰীয়া হাতীৰ বাবে এইদৰে সামূহিক কৃষিকাৰ্য কৰিলে কৃষকে ধান নকটা পৰ্যন্ত হাতীৰ জাকৰ পৰা পৰিত্ৰাণৰ লগতে হাতী-মানুহৰ সংঘাতো হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি আশা প্ৰকাশ কৰিছে চলিত বছৰৰ ‘মুখ্য মন্ত্ৰী সামূহিক কৰ্ম বঁটা’ প্ৰাপক বিনোদ দুলু বৰা।