NORTHEAST NOW (Assamese)
অসম

ৰাস্তা ভাল হ’লে এক্সিডেণ্ট বাঢ়ে : জৰাজীৰ্ণ বাটৰ সপক্ষে উদ্ভট মন্তব্য বিজেপিৰ সাংসদ পল্লৱলোচনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 1, 2019 7:43 pm
Pallav Lochan Das on roads

দেশৰ বাকী অংশৰ বিজেপি নেতাসকলৰ উদ্ভট মন্তব্যৰ সৈতে তাল মিলাই অসমৰ তেজপুৰ সমষ্টিৰ সাংসদ তথা পল্লৱলোচন দাসে আজি এটা মন্তব্যৰে আচৰিত কৰিছে সচেতন ৰাইজক।

বিজেপি শাসিত ৰাজ্যখনৰ বাটপথৰ বেয়া অৱস্থাক সমৰ্থন কৰিবলৈ গৈ বিজেপিৰ সাংসদজনে বেয়া পথে পথ দুৰ্ঘটনা কমায় বুলি মন্তব্য কৰে।

“পথৰ জৰাজীৰ্ণ অৱস্থাই ডেকা ল’ৰাবোৰক বাইক লাহে লাহে চলাবলৈ বাধ্য কৰে, সেই কাৰণে এক্সিডেণ্ট কমে”, আজি তেজপুৰত এটা সমাৱেশত সাংসদ দাসৰ মন্তব্য।

তেওঁ লগতে কয়, ভাল ৰাস্তাত বেছি এক্সিলেৰেটৰ দিয়ে আৰু এইটোৰ বাবে বেছিকৈ দুৰ্ঘটনা হয়।

যোৱা নিৰ্বাচনত বিজেপিৰ টিকটত লোকসভালৈ নিৰ্বাচিত হোৱাৰ আগলৈকে দাস ৰঙাপৰা সমষ্টিৰ বিধায়ক আছিল।

উল্লেখ কৰিব পাৰি, নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে শেহতীয়াকৈ প্ৰকাশ কৰা ২০১৭ চনৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলত সৰ্বাধিক পথ দুৰ্ঘটনা অসমতে হৈছিল।

আনহাতে ৰাজ্যৰ বাট-পথৰ জৰাজীৰ্ণ অৱস্থাক এতিয়াও আশা কৰা ধৰণে উন্নত কৰিব পৰা নাই বিজেপিৰ চৰকাৰখনে, যাৰ বাবে জীয়াতু ভুগিছে যাত্ৰীয়ে।