NORTHEAST NOW (Assamese)
Popular Stories

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 1, 2021 5:22 pm
ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰত ১ ফেব্ৰুৱাৰীত সংঘটিত হোৱা সামৰিক অভ্যুত্থানত কাৰাবন্দী হৈ থকা দেশখনৰ গণতান্ত্ৰিক নেত্ৰী আং চান চ্যু ক্যীক কাৰাবন্দী অৱস্থাত প্ৰথমবাৰৰ বাবে আজি দেখা পোৱা গৈছে।

এটা ভিডিঅ’ লিংকৰ যোগেৰে তেওঁ আদালতত হাজিৰ হৈছে।

তেওঁৰ স্বাস্থ্যৰ বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে যে নেতৃগৰাকী সুস্থভাৱেই আছে।

চ্যু ক্যীৰ ওপৰত নতুনকৈ দুটা গোচৰ আৰোপ কৰা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে, দেওবাৰে ১৮জনকৈ লোক মৃত্যুমুখত পৰাৰ পাছতো দেশখনত প্ৰতিবাদী জনতাই প্ৰতিবাদ অব্যাহত ৰাখিছে।

চ্যু ক্যীৰ উপৰিও দেশখনৰ বিতাড়িত ৰাষ্ট্ৰপতি তথা চ্যু ক্যীৰ সহযোগী ৱিন মিণ্টৰ ওপৰতো দেশখনৰ দণ্ডবিধি আইনৰ ভিত্তিত গোচৰ আৰোপ কৰা হৈছে।

বৰ্তমান চ্যু ক্যী ক’ত আছে সেই বিষয়ে জনা হোৱা নাই যদিও এটা সূত্ৰই জানিবলৈ দিয়ামতে তেওঁক দেশৰ ৰাজধানী নাই পি টাউস্থিত নিজা বাসভৱনতে গৃহবন্দী কৰি ৰখা হৈছে।