NORTHEAST NOW (Assamese)
Popular Stories

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 1, 2021 4:45 pm
‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

দেওবাৰে মুম্বাই বিমানকোঠত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক দেখা পোৱা যায়।

সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পাছতে ড্ৰাগছসম্পৰ্কীয় গোচৰত আটক হৌ জামিনত মুক্তিলাভ কৰাৰ পাছত ৰিয়াক ৰাজহুৱা স্থানত খুব কমকৈ দেখা পোৱা গৈছিল।

ৰিয়াৰ স’তে তেওঁৰ পৰিয়ালকো লগত দেখা পোৱা যায়।

আনহাতে, ৰিয়াই পিন্ধা পোচাকত এটা শ্লোগান প্ৰত্যক্ষ কৰা দেখা যায়- ‘মেন আপ’।

ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰবৰণ কৰাৰ সময়তো তেওঁৰ টি-চাৰ্টত পিতৃতান্ত্ৰিকবিৰোধী এটা শ্লোগান দেখিবলৈ পোৱা গৈছিল, য’ত পিতৃতান্ত্ৰিকতাক ধ্বংস কৰিবলৈ তেওঁ আহ্বান জনাইছিল।

অনুশ ডাণ্ডেকাৰ আৰু কৰণ কুন্দ্ৰাই প্ৰস্তুত কৰা উক্ত পোচাকযোৰৰ দ্বাৰা ৰিয়াই পুৰুষসকলক পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে থিয় দিবলৈকে আহ্বান জনাইছিল।

উল্লেখযোগ্য যে ৰিয়াই অভিনয় কৰা ‘চেহৰে’ নামৰ চিনেমাখন ৩০ এপ্ৰিলত মুক্তি লাভ কৰিব কিন্তু চিনেমাৰখনৰ প’ষ্টাৰত অভিনেত্ৰীগৰাকীৰ ফটো সংলগ্ন কৰা হোৱা নাই।