NORTHEAST NOW (Assamese)
অসম

১১ আৰু ১২ জানুৱাৰিত গুৱাহাটীৰ তাজ ভিভান্তা হোটেলত পূব ভাৰত ফেশ্বন সপ্তাহ

Posted by: কল্পজ্যোতি শইকীয়া January 9, 2018 9:22 pm
উত্তৰ-পূব ভাৰত ফেশ্বন আৰু ডিজাইন কাউঞ্চিলৰ স্ংবাদমেল

অহা ১১ আৰু ১২ জানুৱাৰিত গুৱাহাটীৰ তাজ ভিভান্তা হোটেলত আয়োজন কৰা হৈছে পূব ভাৰত ফেশ্বন সপ্তাহ।

আজি এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত আয়োজক উত্তৰ-পূব ভাৰত ফেশ্বন আৰু ডিজাইন কাউঞ্চিল (Northeast India Fashion and Design Council)এ জনাই যে ১১ জানুৱাৰিৰ দুপৰীয়া ১ বজাত অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া স্বপ্ননীল বৰুৱাই উদ্বোধন কৰিব লগীয়া প্ৰদৰ্শনীটোৰ মুম্বাইৰ বিখ্যাত ডিজাইনাৰ অদিতি হ’লানিৰ অংশগ্ৰহণেৰে ৰাতি ৯ বজাত সামৰণি পৰিব। ১২ জানুৱাৰীত দিনৰ ১১ বজাত প্ৰদৰ্শনীৰ দুৱাৰ মুকলি হ’ব আৰু বিখ্যাত ডিজাইনাৰ অনুৰাধা কুলিৰ অংশ গ্ৰহণেৰে প্ৰদৰ্শনীখনৰ গ্ৰেণ্ড ফাইনেল ৰাতি ৯ বজাত সামৰণি পৰিব।

আয়োজকসকলে জনোৱা মতে প্ৰদৰ্শনীটোত উদীয়মান, প্ৰতিষ্ঠিত আৰু যশস্বী–এই তিনিধৰণৰ ডিজাইনাৰে অংশ গ্ৰহণ কৰিব।

‘২৬ গৰাকী স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজাইনাৰ, ৪৫ গৰাকী স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা মডেল আৰু ২০ গৰাকী পুৰুষ মডেলে অংশ গ্ৰহণ কৰিব’ লগীয়া এই অনুষ্ঠানটো আয়োজক সকলে দাবী কৰা অনুসৰি ‘গুৱাহাটীত প্ৰথমবাৰৰ বাবে আয়োজিত প্ৰকৃত ফেশ্বন সপ্তাহ’।

আয়োজক সংগঠনটোৰ প্ৰতিষ্ঠাপক আৰু সভাপতি মেধা শইকীয়া আৰু সম্পাদিকা মেঘালী দাসে সংবাদ মাধ্যমক কয় যে, ‘এই ফেশ্বন সপ্তাহটোৰ মূল নীতি হৈছে নতুন ডিজাইনাৰ সকলক আগবঢ়াই অনা, সহায় কৰা আৰু এখন মঞ্চৰ পৰাই তেওঁলোকৰ সৃষ্টিশীলতাক দাঙি ধৰা। আমি ইয়াক এটা নিৰ্দিষ্ট দিনত অনুষ্ঠিত হোৱা এটা বাৰ্ষিক অনুষ্ঠান কৰিব খুজিছো যাতে ৰাষ্ট্ৰীয় ক্ৰেতা সকলে তেওঁলোকৰ প্ৰয়োজন সমূহ আগতীয়াকৈ নিশ্চিত কৰিব পাৰে। আমি আশা কৰিছো যে এই পূব ভাৰত ফেশ্বন সপ্তাহৰ যোগেদি উত্তৰ-পূব ভাৰতৰ ফেশ্বন উদ্যোগে এক গাঁথনিগত বিকাশ লাভ কৰিব।’

অনুষ্ঠানটোৰ আয়োজক উত্তৰ-পূব ভাৰত ফেশ্বন আৰু ডিজাইন কাউঞ্চিল আৰু পানাচে ইণ্ডিয়া।

আজিৰ স্ংবাদমেলত অভিনেত্ৰী নিশিতা গোস্বামী, দিল্লীৰ যশস্বী ফেশ্বন পৰিচালক কৌশিক ঘোষ, যশস্বী ফেশ্বন ডিজাইনাৰ মেহ্জাবিন ইৰ্শাদ আৰু জ্যোতি আৰু কাশ্মিৰীয়েও অংশগ্ৰহণ কৰে।